![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আজি অনুষ্ঠিত হয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। বৈঠকৰ পিছত এক সংবাদমেল সম্বোধন কৰি গ্ৰহণ কৰা সিদ্ধান্ত সম্পৰ্কে জনায় মন্ত্ৰী পীযূষ হাজৰিকা, কেশৱ মহন্ত আৰু চন্দ্রমোহন পাটোৱাৰীয়ে। আজিৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তবোৰ হৈছে :
# প্ৰতি বুধবাৰে ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।
# কেবিনেটৰ পিছত সংবাদমেলযোগে অৱগত কৰা হ’ব কেবিনেটৰ সিদ্ধান্ত।
# কেবিনেটৰ মুখপাত্ৰ নিয়োগ কেশৱ মহন্ত, পীযূষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক। তেওঁলোকে সংবাদমেল সম্বোধন কৰিব।
# কোভিড সন্দৰ্ভত বিতং তথ্য দাখিলৰ বাবে প্ৰতিজন মন্ত্ৰীক দুখনকৈ জিলাৰ দায়িত্ব, তিনি দিনৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন।
# কোভিড সম্পর্কীয় কাৰ্যব্যৱস্থা (SOP) সম্পৰ্কে কাইলৈ ঘোষণা কৰা হ’ব।
# যদি কোভিডৰ কাৰণে ১৫ দিনতকৈ বেছি বাধা-নিষেধ আৰোপ কৰিবলগা হয় তেতিয়াহ’লে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰা হ’ব।
# নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ চাকৰি প্ৰদানৰ খচৰা বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত এমাহৰ ভিতৰত দাখিল কৰিব।
# মাইক্ৰ’ফিনাঞ্চৰ ঋণ মাফ সম্পৰ্কীয় ব্যৱস্থাৰ বাবে অশোক সিংহালৰ নেতৃত্বত কমিটি গঠন।
# অন আৰ এলত ৰাজ্যৰ শ্বেয়াৰ ১২.৩ শতাংশৰ পৰা ২৬ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত।
২১৮৭ কোটি টকা হ’ব মুঠ শ্বেয়াৰ।
উল্লেখযোগ্য যে প্ৰতি মাহে মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিব।













