![]()
সাংস্কৃতিক প্ৰতিবেদক
“মৌ”, “এন্ধাৰ চোতালতে”, “গভীৰ ৰাতি” গীতকেইটি অসমৰ ৰাইজে আদৰি লোৱাৰ পিছত গীতিকাৰ মৌচুমী বৰিয়ে ৰাইজৰ মাজলৈ পুনৰ এটি সুন্দৰ গীত লৈ আহিছে৷ মৌচুমী বৰিৰ কথা আৰু প্ৰযোজনাৰ গীতটিত সুৰ তথা সংগীত পৰিচালনা কৰিছে অসমৰ স্বনামধন্য কন্ঠশিল্পী তৰালী শৰ্মাই৷ গীতটিৰ প্ৰযোজনাৰ স’তে সহযোগিতাত আছে “মিন্টলাইম” নামৰ বহুল জনপ্ৰিয় অনলাইন প্লেটফৰ্ম, যি প্লেটফৰ্মে সৃজনী গুণসম্পন্ন প্ৰতিভাশালী লোকক আগবঢ়াই নিয়াত যত্নৰ ত্ৰুটি কৰা নাই৷
এই সন্দৰ্ভত গীতিকাৰ মৌচুমী বৰিয়ে কয় যে “মোৰ চেনেহী আই” গীতটি তেওঁ তেওঁৰ মাতৃৰ নামত উৎসৰ্গা কৰিছে৷
‘শৈশৱতে মায়ে মোক নিয়ৰৰ পানী চকুত লগাই, গীত গাই চুমা দি শোৱাৰ পৰা উঠোৱা মনত পৰে৷ নিচুকনি গীত গাই শুৱাবলৈ চেষ্টা কৰাও মনত পৰে৷ এয়া কেৱল মোৰ মায়েই নকৰে, পৃথিৱীৰ প্ৰতিগৰাকী মাকেই নিজৰ সন্তানক এনেকৈয়ে টোপনি নিয়ায় আৰু টোপনিৰ পৰা জগায়৷” -মৌচুমী বৰিয়ে এনেদৰে কয় ৷
তেওঁ লগতে কয়, “অসমৰ এগৰাকী স্বনামধন্য কোকিলকন্ঠী গায়িকা তৰালী শৰ্মাক গীতটিত সুৰ দিবলৈ অনুৰোধ কৰিছিলো৷ তেওঁ আমাৰ হেঁপাহক সন্মান জনাই সন্মতি দিলে৷ মোৰ প্ৰিয় গায়িকাগৰাকীৰ কন্ঠত গীতটি শুনিবলৈ পোৱাটো মোৰ বাবে অতি সৌভাগ্যৰ কথা বুলি ভাবো৷ গীতটিয়ে স্বৰ্গীয় অনুভূতিৰে প্ৰতিজন শ্ৰোতাৰ অন্তৰ চুব বুলি মই নিশ্চিত৷”
আনহাতে, গীতটি সন্দৰ্ভত তৰালী শৰ্মাৰ মন্তব্য, ” মোক এনে এটি সুন্দৰ গীত গাবলৈ অনুৰোধ কৰাৰ বাবে মই বৰ সুখী হৈছো৷ মোক গীতটিয়ে পুৰণি দিনলৈ লৈ গৈছে আৰু গীতটিৰ আবেগৰ স’তে মই সংযোগ হ’ব পাৰিছোঁ৷ মই আশা কৰিম যে অসমীয়া সমাজে গীতটি আদৰি ল’ব ৷’
অনলাইন প্লেটফৰ্ম মিন্টলাইমৰ ৰুমী বৰাই কয়, ‘মৌচুমী বৰিয়ে মাতৃক লৈ লিখা “মোৰ চেনেহী আই” নামৰ সুন্দৰ গীতটিৰ বাণীবন্ধনত সহায় কৰিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ৷ এই গীতটিয়ে মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ’ব আৰু আদৰি ল’ব, আমি নিশ্চিত৷ মিন্টলাইমে প্ৰতিভাশালী সৃজনীশীল লোকক সহায় কৰাৰ পদক্ষেপ এনেকৈয়ে লৈ আহিছে ৷’
উল্লেখ্য, পেছাত অভিযন্তা মৌচুমী বৰিয়ে হৃদয়ৰ অনুভৱ-অনুভূতিক গীতেৰে সজাই ভালপায়৷ তেখেতে সৰুৰে পৰা গল্প, কবিতা, উপন্যাস আদিও লিখি আহিছে৷ ভৱিষ্যতেও পাঠকৰ বাবে ভাল গীত লিখিবলৈ চেষ্টা কৰি যোৱাৰ পৰিকল্পনা অব্যাহত ৰখাৰ কথা তেওঁ লগতে উল্লেখ কৰে৷ আনহাতে, উঠি অহা প্ৰতিভাশালী যুৱক-যুৱতীক আগবঢ়াই লৈ যোৱাৰ কিছু পৰিকল্পনাৰ কথাও ব্যক্ত কৰে৷ সুন্দৰ গীতৰ কথা আৰু সুৱদী সুৰৰ এই গীতটিয়ে সোনকালেই শুভমুক্তি লাভ কৰিব ৷













