![]()
অজন্তা তালুকদাৰ
বোকাখাত : কভিডৰ কালৰূপী গণ সংক্ৰমণে সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ সময়তে আজি ১২ মে’ত বোকাখাত নগৰত আৰু এজনৰ প্ৰাণ ল’লে কভিডে। বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা চিকিৎসালয়ৰ কৰ্মচাৰী নাগিনা ভাইঠ’ (৫৫) যোৱা ৪ মে’ত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈছিল। আজি তাতেই তেখেতৰ মৃত্যু হোৱাৰ বাতৰি আহিছে। ইয়াকে লৈ বোকাখাতত কভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩ লৈ বৃদ্ধি পালে। বোকাখাতত দৈনিক বৃদ্ধি পাইছে কভিড সংক্ৰমণ।
১২ মে’ত মুঠ ৩৩২ জনৰ আৰ এ টি আৰু ৪৩ গৰাকীৰ আৰ টি পি চি আৰ পৰীক্ষা সম্পন্ন হয় আৰু মুঠ ৩৭ পজিটিভ ধৰা পৰে। আক্ৰান্তসকলৰ একাংশ বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ কভিড পৰিচৰ্যা কক্ষত থকাৰ ওপৰিও আন সকল হোম কোৱাৰেণ্টাইনত আছে। আজি মহকুমাটোৰ খতিয়াখলিত ২, বোকাখাত নগৰ ২, লখৌজান ১, চেপেনাকোৱোয়া ১, নুমলীগড় বাগিচাৰ ১৫ , ২ নং গৰৈমাৰী ১,কঁহৰা ২, ডিফলু পথাৰ ৩ জনৰ পজিটিভ ধৰা পৰে। বোকাখাতত এতিয়ালৈ মুঠ ১২৭৩৫ জন লোকৰ কভিড পৰীক্ষা কৰা হৈছে , ইয়াৰ ৫০৬ জন পজিটিভ, মুঠ সক্ৰিয় ৩৫২। আজি বোকাখাতৰ কভিড পৰিচৰ্যা কক্ষত ৯ জন আক্ৰান্তত ভৰ্তি কৰোৱাৰ বিপৰীতে ৬ জনক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে।













