![]()
অজন্তা তালুকদাৰ
বোকাখাত : আজি পুৱাই অসমীয়া বৌদ্ধিক জগতৰ মহীৰূহ স্বৰূপ, সাহিত্য আৰু সংবাদ জগতৰ ভোটা তৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ ৰাইজৰ হিয়াৰ আমঠু হোমেন বৰগোহাঞিৰ পৰলোকৰ বাতৰি বিয়পি পৰাৰ লগে লগেই বৃহত্তৰ বোকাখাত অঞ্চলত শোকৰ ছাঁ পৰিছে। কভিড প্ৰটকল থকাৰ বাবে ৰাজহুৱাকৈ অনুষ্ঠান অনুষ্ঠিত হোৱা নাই যদিও বহু লোক, অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোক প্ৰস্তাৱ প্ৰেৰণ কৰিছে।
বৰগোহাঞিৰ মৃত্যুত অসম ৰাজ্যিক সাংবাদিক সন্থা, সদৌ অসম কবি সন্মিলন, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ লগতে সন্থাৰ অন্তৰ্গত কাজিৰঙা, নুমলীগড়, কমাৰগাঁও, বাদুলীপাৰ শাখা, গোলাঘাট জিলা সাংবাদিক সন্থা, গোলাঘাট জিলা কবি সন্মিলন (সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত), বোকাখাত মহকুমা কবি সন্মিলন, কাজিৰঙা নিউজ নেটৱৰ্ক, কে এন এন বোকাখাত লাইভ, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত প্ৰেছ ক্লাৱ, বোকাখাত নাট্যমন্দিৰ, বোকাখাত ৰূপজ্যোতি সংঘ, বোকাখাত পুৱতি সাহিত্য সভা, অংকুৰণ শাখা সাহিত্য সভা, গোহাঞি মুখ্য উপদেষ্টা হৈ থকা কেঞ্চাৰৰ বিকল্প চিকিৎসা কেন্দ্ৰ বোকাখাতৰ পৰিত্ৰাণ, কাজিৰঙা জাতীয় অৰ্কিড উদ্যান, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলন, ইমজা, বোকাখাত, গ্ৰাছ, বোকাখাত, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, অৰুণ প্ৰকাশন, সাৰথি নাট্যগোষ্ঠী, বোকাখাতকে আদি কৰি বোকাখাতৰ বহু দল-সংগঠন, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। হোমেন বৰগোহাঞি দেৱৰ পৰলোকপ্ৰাপ্তি অসমৰ জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি শোক প্ৰকাশ কৰি ব্যক্তি, দল সংগঠনে একে এষাৰে দোহাৰে।













