![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই আজি কয় যে ৰাজ্যখনৰ প্ৰতিখন অসামৰিক চিকিৎসালয়ত অহা মাহৰ ভিতৰত পাইপ লাইনৰ জৰিয়তে দৰিদ্র ৰোগীসকলক অক্সিজেন যোগান ধৰাৰ বাবে এটা অক্সিজেন প্ৰকল্প থাকিব। জিলাখনৰ সাধাৰণ স্বাস্থ্য আৰু কোভিড পৰিস্থিতিৰ বুজ ল’বলৈ নতুন স্বাস্থ্যমন্ত্ৰী মহন্তই আজি নলবাৰী শ্বহিদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। ভ্ৰমণকালত মহন্তই লগতে কয় যে ৰাজ্য চৰকাৰে আজিৰ পৰা কোভিড পৰীক্ষাৰ সংখ্যা প্ৰতিদিনে নিম্নতম এক লাখলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ অৱশ্যে ৰাজ্যখনত সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা অস্বীকাৰ কৰে। মহন্তই কয় যে চৰকাৰে কোভিড কেয়াৰ চেণ্টাৰত কেৱাৰেণ্টাইনত থকা দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালবোৰক প্ৰয়োজনীয় খাদ্যশস্য প্ৰদান কৰাৰ বাবে এক আঁচনি প্ৰৱৰ্তনৰ কথা চিন্তা কৰি আছে। উক্ত পৰিকল্পনা প্ৰাৰম্ভিক পৰ্যায়ত আছে বুলিও তেওঁ লগতে কয়।
ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে নলবাৰী শ্বহিদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সৈতে সংলগ্ন কোভিড চিকিৎসালয় পৰিদৰ্শন কৰে আৰু বৰ্তমানৰ কোভিড পৰিস্থিতিৰ বুজ লয়। তেওঁ উপায়ুক্ত পূৰবী কোঁৱৰ আৰু জিলা স্বাস্থ্য বিষয়াসকলৰ সৈতেও পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে যুটীয়া সঞ্চালকক কোভিড ৰোগীসকলৰ বাবে আইচিইউ বিছনা পৰিচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ প্ৰশাসনক তিনি দিনৰ ভিতৰত মৃদু লক্ষণযুক্ত ৰোগীসকলৰ বাবে জিলাখনৰ বিভিন্ন স্থানত কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। চিকিৎসালয় চৌহদত এটা অক্সিজেন প্ৰকল্পও স্থাপন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয়।













