![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমাত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে মাছ, মাংস আৰু শাক-পাচলিৰ মূল্যবৃদ্ধি সন্দৰ্ভত বিষদভাবে আলোচনা কৰিবৰ বাবে আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখনি জৰুৰী সভাৰ আহ্বান কৰা হয় । মহকুমাধিপতি বিপুল দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বোকাখাত মহকুমাৰ পাইকাৰী ব্যৱসায়ীসকলৰ লগতে খুচুৰা ব্যৱসায়ীসকলো উপস্থিত থাকে। বজাৰত চাউল, দাইল, আলু-পিয়াজকে আদি কৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ ক্ষেত্ৰত দেখা দিয়া বিসংগতি দূৰ কৰিবৰ বাবে পাইকাৰী ব্যৱসায়ীসকলক মহকুমা যোগান বিভাগৰ জৰিয়তে দৈনিক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সঠিকভাবে নির্ধাৰিত কৰি পাইকাৰী আৰু খুচুৰা মূল্যৰ তালিকা ৰাইজৰ দৃষ্টিগোচৰ হোৱাকৈ সকলো ব্যৱসায়িক প্রতিষ্ঠানতে ৰাখিবলৈ মহকুমাধিপতিগৰাকীয়ে নির্দেশ দিয়ে।
ইয়াৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত পাইকাৰী আৰু খুচুৰা মূল্যৰ মাজত অত্যাধিক ব্যৱধান নাৰাখিবলৈকো মহকুমাধিপতিগৰাকীয়ে আহ্বান জনায়। সমান্তৰালকৈ মাছ-মাংস আৰু শাকপাচলিৰ ব্যৱসায়ীসকলকো পাইকাৰী আৰু খুচুৰা মূল্যৰ তালিকা গ্ৰাহকৰ দৃষ্টিগোচৰ হোৱাকৈ দোকানত ৰাখিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, মাছ-মাংস আৰু শাকপাচলিৰ মূল্য বোকাখাত পৌৰসভাই পাইকাৰী তথা খুচুৰা ব্যৱসায়ীসকলৰ সৈতে আলোচনা কৰি নিৰ্ধাৰিত কৰিব।
আনহাতে বজাৰত সামগ্ৰীৰ মূল্যৰ ওপৰত প্ৰশাসনে কঠোৰ দৃষ্টি ৰাখিব বুলিও মহকুমাধিপতি বিপুল দাসে সভাত উল্লেখ কৰে । উপস্থিত সকলাে ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীকে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোভিড-১৯ সম্বন্ধীয় নীতি নির্দেশনা মানি চলিবলৈ তথা প্ৰশাসনক এই মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈয়ো আহ্বান জনায়।













