![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ নৱনিৰ্বাচিত সমিতিয়ে বৃহস্পতিবাৰে দ্বায়িত্বভাৰ গ্ৰহণ কৰে ৷ কভিড প্ৰটকল মানি বোকাখাত পূজা মণ্ডপত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে মহকুমা সাংবাদিক সংস্থাৰ সদ্য প্ৰাক্তন সভাপতি তথা অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ শপত বাক্যও পাঠ কৰায় শৰ্মা ৰাজখোৱাই ৷
সভাতে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ এক সাহাৰ্য নিধি গঠন, কেবিনেট মন্ত্ৰী অতুল বৰা আৰু মহকুমাধিপতিক প্ৰতি মাহত এবাৰকৈ সমস্যা সম্পৰ্কত অৱগত কৰোৱা, ৰাইজমেলৰ জড়িয়তে ৰাইজে দিয়া অভিযোগৰ বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণত হেঁচা দিয়া, বিয়লি ২ বজাৰ পৰা ৪ বজালৈ সংস্থাৰ কাৰ্যালয় খুলি ৰখা, বোকাখাতৰ সাংবাদিক সংগঠনক লৈ এক ঐক্য মঞ্চ গঠন কৰাৰ সিদ্ধান্ত লয় ৷ পূৰ্বে অনুষ্ঠিত সাধাৰণ সভাত বুবুল দত্তক সভাপতি আৰু নীলু আচাৰ্যক সম্পাদক হিচাপে লৈ নতুন সমিতিখন গঠন হৈছিল।













