![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মিলনপুৰ নিবাসী সমাজ দৰদী ব্যক্তি উত্তম বৰদলৈৰ (৬১) ১৩ মে’ৰ পুৱা গুৱাহাটী হায়াত হাস্পতালত চিকিৎসাধীন অৱস্থাত হৃদক্ৰীয়া বন্ধ হৈ মৃত্যু হয়। বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল বৰদলৈ। যোৱা ১৯ এপ্ৰিলত হঠাতে অসুস্থ হৈ পৰাত বৰদলৈক যোৰহাট মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হয়। পাছত উন্নত চিকিৎসাৰ বাবে বৰদলৈক গুৱাহাটীৰ হায়াত হস্পিটেলত ভৰ্তি কৰোৱা হয়। তেতিয়াৰে পৰা বৰদলৈ চিকিৎসাধীন হৈ আছিল মৃত্যুৰ পৰলৈকে ৷
এগৰাকী সমাজ দৰদী ব্যক্তি, বৰজুৰি চাহ বাগিছাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, একালৰ বিহুৱা, ভাওনা শিল্পী আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী তথা সু-লেখিকা, কবি সূৱৰ্ণ শইকীয়া বৰদলৈৰ স্বামী উত্তম বৰদলৈৰ মৃত্যুত বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত মহকুমা সাংবাদিক সন্থা, গোলাঘাট জিলা সাংবাদিক সন্থা, গোলাঘাট জিলা কবি সন্মিলন (সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত), কাজিৰঙা নিউজ নেটৱৰ্ক, কে এন এন বোকাখাত লাইভ, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত প্ৰেচ ক্লাৱ, বোকাখাত নাট্যমন্দিৰ, বোকাখাত ৰূপজ্যোতি সংঘ, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলন, ইমজা বোকাখাত, গ্ৰাছ বোকাখাত, অৰুণ প্ৰকাশন, বোকাখাত জিলা মইনা পাৰিজাত, সাৰথি নাট্যগোষ্ঠীকে আদি কৰি বোকাখাতৰ বহু দল-সংগঠন, ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
বোকাখাত মিলনপুৰ নিবাসী পূৰ্ণকান্ত শৰ্মা বৰদলৈ আৰু অন্নদা দেৱীৰ সপ্তম সন্তান বৰদলৈয়ে পত্নী সূৱৰ্ণ শইকীয়া বৰদলৈ আৰু একমাত্ৰ পুত্ৰ অংগন বৰদলৈ, আত্মীয়-স্বজন আৰু অলেখ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে। বৰদলৈৰ মৃত্যুত বোকাখাত অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।













