![]()
অজন্তা তালুকদাৰ
বোকাখাত : অসমৰ সাহিত্য জগতৰ মহীৰূহ, অসমৰ সমাজ জীৱনৰ অতন্দ্ৰ প্ৰহৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সদ্যপ্ৰয়াত হোমেন বৰগোহাঞিদেৱলৈ বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাই আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কভিড প্ৰটকল মানি বোকাখাত নাট্য মন্দিৰৰ সন্মুখত বিশিষ্ট সাংবাদিক, কবি, সমালোচক, সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ প্ৰতি জনোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আঁত ধৰে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্ময়জ্যোতি শৰ্মাই।

অনুষ্ঠানত সাধাৰণ সম্পাদক বিশ্বজিত দেৱনাথ আৰু সদস্য সকলৰ লগতে উপস্থিত থাকি বৰগোহাঞিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সদ্যনিৰ্বাচিত সভাপতি বুবুল দত্ত, বিশিষ্ট নাট্যকাৰ-কবি-সাংবাদিক অমৰ শৰ্মা, কে এন এন-ৰ সচিব প্ৰদ্যুত মহন্ত, সাংবাদিকসকল ক্ৰমে প্ৰদীপ হাজৰিকা আৰু ৰোমান বৰুৱা, মাধৱজ্যোতি দত্ত আদিৰ লগতে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দীপ ঠাকুৰীয়াই।
5:33:30 PM













