![]()
নলবাৰী : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্য জগতৰ প্ৰথিতযশা সাহিত্যিক-সাংবাদিক তথা জাতীয় জীৱনৰ মাৰ্গদৰ্শক হিচাপে পৰিগণিত অসম গৌৰৱ হোমেন বৰগোহাঞিৰ ১২ মে’ত হোৱা দেহাৱসানে অসমৰ সাহিত্য আৰু জাতীয় জীৱনত দীৰ্ঘকালৰ বাবে বৃহৎ শূন্যতাৰ সৃষ্টি কৰা বুলি নলবাৰী জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশেৰে শ্ৰদ্ধা নিবেদন কৰে। অসমীয়া ভাষাত অভিনৱ আৰু শক্তিশালী গদ্য ৰচনাৰ শৈলী সৃষ্টিকাৰী হিচাপে অগণন পঢ়ুৱৈৰ হৃদয়ত থিতাপি লোৱা বুলি দোহাৰি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই এক শোকবাৰ্তাযোগে কয় যে হোমেন বৰগোহাঞিয়ে আজীৱন অসমীয়া ভাষা জননীৰ সেৱাৰে অসমীয়া সাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।
অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব লৈ অসমীয়া জাতীয় জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ অথচ সভাৰ হৈ পূৰ্বে কোনেও নকৰা আধুনিক জ্ঞান–প্ৰজ্ঞা–চৰ্চাৰ প্ৰধান সমল বিশ্বকোষ প্ৰণয়নৰ কাম সম্পাদন কৰিছিল। ব্যয়বহুল এই কাম বৰগেহাঞিয়ে চৰকাৰৰ সহায় নোলোৱাকৈ সম্পাদন কৰিছিল ৰাইজৰ দান–বৰঙণিৰে। এয়া সম্ভৱ হৈছিল তেওঁৰ সূৰ্যসম সবল ব্যক্তিৰ বাবে।
বহুকেইখন কালজয়ী গ্ৰন্থ ৰচনা আৰু অগ্ৰগামী প্ৰেৰণাৰে ভালে সংখ্যক লেখক–লেখিকাক সাহিত্যৰ পথাৰৰ বাট দেখুওৱা, অসমীয়া জাতিৰ নতুন সংজ্ঞা নিৰুপনেৰে অসমৰ সকলো জাতি-জনগোষ্ঠীক একতাৰে সমৃদ্ধশালী কৰাৰ বাবে কৰা প্ৰচেষ্টা আছিল বিশিষ্ট অসমীয়াগৰাকীৰ উল্লেখনীয় দিশ। জাতিটোৰ যিকোনো সংকটৰ সময়ত বাস্তৱিক বিশ্লেষণেৰে সমস্যা সমাধানত সিদ্ধহস্ত অসমৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে তেওঁ সদায় অসমৰ আকাশত জ্যোতিষ্মান হৈ থাকিব বুলিও শোকবাৰ্তাটোত কোৱা হয়। নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ সন্মুখত অসম সাহিত্য সভাৰ পতাকা তিনি দিনৰ বাবে অৰ্ধনমিত কৰি সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে জিলা সাহিত্য সভাই। প্ৰসিদ্ধ সাহিত্যিক–সাংবাদিক হোমেন বৰগোহাঞিৰ দেহাৱসানত এটি যুগৰ অৱসান ঘটিল বুলিও নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই কয়।













