![]()
ষ্টাফ ৰিপ’ৰ্টাৰ :
নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা৷ পাহাৰখনত মৃত্যু হৈছে প্ৰায় ১৮টা বন্যহস্তীৰ৷ এটি বন্যহস্তীৰ দলৰ ওপৰত বজ্ৰপাত পৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে বন্যহস্তীৰ জাকটোত কিমানটা গজৰাজ আছিল আৰু তাৰে কিমানটা হতাহত হৈছে তাৰ সঠিক তথ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ অতি দুখজনক এই ঘটনাটোত ইতিমধ্যে পাহাৰখনৰ ওপৰত ১৪টা আৰু নামনিত ৪টা বন্যহস্তীৰ মৃতদেহ প্ৰত্যক্ষ কৰা হৈছে৷
ইয়াৰে ভিতৰত কেইবাটাও হাতীৰ পোৱালিও আছে৷ এই শোকাৱহ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷ শোকত ম্ৰিয়মাণ হৈছে প্ৰকৃতিপ্ৰেমীৰ লগতে সাধাৰণ ৰাইজো৷ কৰুণ মৃত্যুক সাৱটি লোৱা হাতীকেইটাৰ মৃতদেহ পৰি থকা অৱস্থানৰ দৃশ্যই সকলোৰে অন্তৰ কঁপাই তুলিছে৷
ইতিমধ্যে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ছচিয়েল মিডিয়াযোগে উক্ত মৰ্মান্তিক ঘটনাত দুখ প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷












