![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ নুমলীগড় চাহ বাগিচাত ৭২ জন লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাত ইয়াৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বাগিচাখনৰ দুটা লাইন কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে । কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা চাহ বাগিচাখনৰ বৰ লাইন আৰু ৫নং লাইন এলেকাক ইয়াৰ অধীনত সামৰি লোৱা হৈছে । বৰ লাইনৰ উত্তৰে ফেক্টৰী অফিচ, দক্ষিণে বিষ্ণু মন্দিৰ, পূবে ধনশিৰী নদী আৰু পশ্চিমে ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ অঞ্চলক এই কন্টেইনমেণ্ট জ’নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।
আনহাতে ৫নং লাইনৰ উত্তৰ আৰু দক্ষিণে চাহ বাগিচা, পূবে ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হ’ব । সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । উল্লেখযোগ্য যে ইয়াকে লৈ জিলাখনত কন্টেইনমেণ্ট জ’নৰ সংখ্যা ৬টালৈ বৃদ্ধি পাইছে।
ইফালে আজিৰ দিনটোতে বোকাখাতৰ ১ জনৰ ক’ভিডত মৃত্যু ঘটিছে আৰু মুঠ ৩২ গৰাকী ক’ভিডত আক্ৰান্ত হৈছে। কমাৰগাঁৱৰ বুধবাৰীৰ ভাগ্যৱতী চাহু (৬৫) নামৰ মহিলাগৰাকীৰ কভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে। বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ কভিড হস্পিটেলত চিকিৎসাধীন হৈ থকা মহিলাগৰাকীক ১৩ মে’ৰ নিশা উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিটেললৈ পঠিওৱা হয় যদিও পাছত গোলাঘাটতে মহিলাগৰাকীৰ মৃত্যু হয়। ইয়াকে ধৰি এতিয়ালৈ বোকাখাত মহকুমাত ক’ভিডত মৃত্যুৰ সংখ্যা ৪ জনলৈ বৃদ্ধি হ’ল আৰু মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৫৭৫ জনলৈ বৃদ্ধি পালে।













