![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিগবৈ টিংৰাই গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত আলফা(স্বা)ৰ মুখ্য সেনাধক্ষ পৰেশ বৰুৱাৰ স্পষ্টীকৰণ। ঘটনাৰ সৈতে জড়িত নহয় সংযুক্ত মুক্তি বাহিনী অসম। সেনাধক্ষ পৰেশ বৰুৱাই এই কথা সংবাদ মাধ্যমক টেলিফোন যোগে অৱগত কৰিলে।
সু-পৰিকল্পিতভাৱে অসম আৰক্ষী বা ভাৰতীয় সেনা বাহিনীৰ এটা অসৎ চক্ৰ জড়িত থকা বুলিও গুৰুত্ব অভিযোগ বৰুৱৰ। কিন্তু কিয় এইবোৰ কাম কৰিছে আমি নাজানো বুলি তেওঁ লগতে কয়।
আলফা(স্বা)ক জনমানসত হেৱ প্ৰতিপন্ন কৰা বাবে এনে কাৰ্য কৰা বুলি সেনাধক্ষ্য গৰাকীয়ে কয়। লগতে তেওঁ সন্দেহ প্ৰকাশ কৰি কয় ৰাজ্য নতুন চৰকাৰখনক ৰাজনৈতিকভাৱে শ’লঠেকত পেলাবৰ বাবেও দুষ্ট চক্ৰই এই কাম কৰিব পাৰে।













