![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াত ক’ৰনা পৰিৱেশ অধিক জটিললৈ গতি কৰিছে। আগন্তক ৭দিনত যদি পৰিৱেশ উন্নত নহয় তেন্তে কঠোৰ হ’ব ক’ভিড নিৰ্দেশনা। উদ্বেগেৰে এই কথা প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
জিএমচিএইচত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- সমগ্ৰ অসমতে লকডাউনৰ সম্ভাৱনা নাই। কিন্তু গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড় পৰিৱেশ বেয়া হৈছে। ইয়াতকৈ কঠোৰ হ’ব বাধ্য-বাধকতা’।
ক’ৰনাই ৰূপ সলাইছে। পূৰ্বৰ ঘাটক ক্ষমতাতকৈ বৃদ্ধি পাইছে এইবাৰ ঘাটক ক্ষমতা। যাৰ বাবে মৃত্যু হাৰ বৃদ্ধি পাইছে মুখ্যমন্ত্ৰী কয়।
উল্লেখ্য পূৰ্ব দৰে কোৱাৰেণ্টাই হৈ থকা দৰিদ্ৰ পৰিয়ালক দুইহেজাৰ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হ’ব। সোমবাৰ পৰা প্ৰক্ৰিয়া আৰম্ভ হ’ব- ডঃ শৰ্মাই কয়।
আনহাতে, ১৭ মে’ পৰা গুৱাহাটীত চিনাক্ত ৫০ বছৰৰ ঊৰ্ধ ক’ভিড আক্রান্ত কভিড কেয়াৰ চেণ্টাৰ বা চিকিৎসালয়ত থাকিব লাগিব। যদি ঘৰত সুকীয়া কোঠা আৰু লেট্ৰিন বাথৰুম নাথাকে। কাৰণ বৰ্তমানলৈ জিএমচিএইচত মৃত্যু হোৱা ১৮০ জন ৰোগীৰ ভিতৰত আক্রান্ত ৫০ শতাংশ ৫০ বছৰ ঊৰ্ধ ব্যক্তি। তাৰ বাবে কঠোৰ হ’ব লাগিব – মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
গুৱাহাটী মহানগৰীত ১৭ মে’ পৰা ২০ হাজাৰকৈ দৈনিক ক’ভিড টেষ্ট কৰা হ’ব।
চাহ বাগিচা ক’ভিড নিয়ন্ত্ৰণৰ বাবে সুকীয়া এছঅপি শনিবাৰে প্ৰকাশ পাব। সংবাদমেল যুগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী।













