![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অহা তিনিমাহৰ বাবে যুদ্ধ বিৰতি ঘোষণা কৰিছে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা)। সংবাদ মাধ্যমলৈ বিবৃত্তি প্ৰেৰণ কৰি এই কথা ঘোষণা কৰিছিল আলফা(স্বা) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। উল্লেখ যে টিংৰাই বিস্ফোৰণত আলফা(স্বা) জড়িত নহয় বুলি ইতিমধ্যে ঘোষণা কৰিছে। এই বিষয়লৈ আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে, আলফা আগতকৈ চৰকাৰৰ ওপৰত কিছু সদিচ্ছ দেখা পোৱা গৈছে। তেওঁ শান্তিৰ কাৰণে আলফা আৰু চৰকাৰ দুয়োটা পক্ষ আগবাঢ়ি আহিব লাগিব।
ডিগবৈৰ টিংৰাইত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱা দুয়োজন লোকৰ পৰিয়ালক ৫ লাখ টকাকৈ এক কালীন সাহাৰ্য অসম চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা হৈছে।
আলফাই অপহৃত কৰা ৰিতুল শইকীয়া এতিয়াও ভাল দৰে ম্যানমাৰতে আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে সংবাদ মাধ্যৰ আগত।
গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াত ক’ৰনা পৰিৱেশ অধিক জটিললৈ গতি কৰিছে। আগন্তক ৭দিনত যদি পৰিৱেশ উন্নত নহয় তেন্তে কঠোৰ হব কভিড নিৰ্দেশনা। উদ্বেগেৰে এই কথা প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ।
জিএমচিএইচত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- সমগ্ৰ অসমতে লকডাউনৰ সম্ভাৱনা নাই। কিন্তু গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড় পৰিৱেশ বেয়া হৈছে। ইয়াতকৈ কঠোৰ হ’ব বাধ্য-বাধকতা’।












