![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত ক্ৰমাৎ জটিলৰূপ ধাৰণ কৰিছে ক’ৰনা সংক্ৰমণ। দৈনিক হাজাৰ হাজাৰ আক্রান্ত ধৰা পৰাত উদ্বিগ্ন প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ লগতে অসম বিপর্যয় ব্যবস্থাপনা কর্তৃপক্ষ।

অসমত প্ৰতিদিনে ৪ হাজাৰতকৈ অধিক লোক কভিডত আক্ৰান্ত হৈ আছে। তাৰে প্ৰতি গুৰুত্ব ৰাখি কাইলৈৰ পৰা সান্ধ্য আইন দুই ঘণ্টা আগবঢ়াই দিয়াৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে। তাৰে ওপৰত লক্ষ্য ৰাখি অসম বিপর্যয় ব্যবস্থাপনা কর্তৃপক্ষ এক গোহাৰি যোগে জনাই যে কাইলৈৰ পৰা পুৱা ৫ বজাৰ পৰা ১১ বজালৈ সান্ধ্য আইন শিথিল কৰা হ’ব। আৰু দুপৰিয়া ১২ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ সান্ধ্য আইন বলৱত হ’ব।
অৰ্থাৎ বৰ্তমানৰ ২ বজা পৰিৱৰ্তে ১২বজাৰ পৰা জিলা কেইখনত কভিড নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন ব্যৱস্থা প্ৰয়োগ কৰা হ’ব।













