![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি এক দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে৷ সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাত পতিত হয় বোকাখাতৰ লখৌজানত। জানিব পৰা মতে বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী এখন ডাম্পাৰে খুন্দিয়ায় কনভয়ত থকা আৰক্ষীৰ এখন বলেৰ’ত। সোণোৱালৰ কনভয়টো গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ আছিল।দুৰ্ঘটনাত পতিত বলেৰ’খনৰ নম্বৰ হৈছে এছ-৩০ ৮৭৬৬।
আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে এছ-০৫-চি-৬৩০৯৷ দুৰ্ঘটনাটোত দুজন নিৰাপত্তাৰক্ষী আহত হোৱাৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আঘাতৰ পৰা ৰক্ষা পৰে।













