![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা প্ৰতিৰোধৰ বাবে শনিবাৰে জাৰি কৰা নতুন নিৰ্দেশনা গ্রাম্য অঞ্চলত প্ৰযোজ্য নহয়। নগৰ আৰু নগৰ সীমাৰ পৰা ৫ কিঃমিঃ ভিতৰত প্ৰযোজ্য হ’ব নিৰ্দেশনা। এই কথা পুনৰ জাননী জৰিয়তে অৱগত কৰিছে ৰাজ্য দুৰ্যোগ প্ৰসমন বিভাগে।
উল্লেখ যে গ্ৰাম্য অঞ্চলত ৪ মে’ৰ নিৰ্দেশনা বাহাল থাকিব। দিনৰ ২ বজালৈ গ্রাম্য অঞ্চলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠা মুকলি থাকিব। সন্ধিয়া ৬ বজা পৰা সান্ধ্য আইন জাৰি হ’ব গ্রাম্য অঞ্চলত।
গুৰুত্বপূৰ্ণ কথা শনিবাৰে ঘোষণা হোৱা নতুন নিৰ্দেশনা অনুসৰি ১১ বজাত নগৰীয়া অঞ্চলৰ দোকান-পোহৰ বন্ধ কৰিব লাগিব। দিনৰ ১২ বজা পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন প্ৰযোজ্য হ’ব।













