![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰখনত ক’ভিডৰ দ্বিতীয়টো ঢৌত বহুজনে প্ৰাণ হেৰুৱাৰ লগতে বহুলোক আক্ৰান্ত হৈছে মহামাৰী ক’ভিডত। ক’ভিডৰ পৰা ৰাইজক সুৰক্ষা দিবলৈ চৰকাৰে ১০ জনতকৈ অধিক লোক আক্ৰান্ত হোৱা এলেকাসমূহক কন্টেইন্টমেন জ’ন হিচাবে চিহ্নিত কৰি সেই এলেকাত প্ৰৱেশ-প্ৰস্থানত জাৰি কৰিছে সম্পূৰ্ণ নিষেধাজ্ঞা।
কিন্তু শেহতীয়াকৈ কন্টেইন্টমেন জ’নসমূহত থকা লোকসকলে খাদ্য সামগ্রীকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰী আদিক লৈ সন্মুখীন হৈছে তীব্ৰ সমস্যাৰ। হোজাইৰ লংকাৰ কাকীত কন্টেইন্টমেন্ট জ’ন হিচাপে ঘোষিত এটি অঞ্চলত এইসকল লোকক সকাহ দিবলৈকৈ দেওবাৰে কাকী সাংবাদিক সন্থাই ৩৫টা ক’ভিড আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিয়ে। উল্লেখ্য যে, কন্টেইন্টমেন জ’নৰ দৰিদ্ৰ লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ মুখ্যমন্ত্রীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিছে যদিও কাকীৰ এই অঞ্চলটিৰ ৰাইজে কোনো ধৰণৰ সাহাৰ্য লাভ নকৰাৰ অভিযোগ উঠিছে।












