![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমাৰ মাজেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত সঘনাই সংঘটিত হোৱা ন-ন ভয়াবহ পথ দুৰ্ঘটনাই সচকিত কৰি তুলিছে স্থানীয় বাসিন্দাসকলক। বোকাখাতৰ সমীপবৰ্ত্তী লখৌজানত যোৱা ১৫ মে’ৰ সন্ধিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ তল নৌ পৰোঁতেই বোকাখাতৰ ৰজাবাৰীত ১৬ মে’ৰ পুৱাই সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে অহা এএছ ০১ ই এফ ৪৭৩২ নম্বৰৰ ছুইফ’ট ডিজায়াৰ আৰু এএছ ১২ বি চি ৭২১২ নম্বৰৰ টাটা ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় শোকাবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত ছুইফ’ট ডিজায়াৰখনৰ আৰোহী নলবাৰীৰ অলকা দত্ত (৫০)ৰ মৃত্যু হোৱাৰ লগতে তেখেতৰ স্বামী ধ্ৰুৱজ্যোতি দত্ত আঘাতপ্ৰাপ্ত হয়।

আনহাতে একেদিনাই পুৱাৰ ভাগতে বোকাখাত অভিমুখী ব্যক্তিগত বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই কাজিৰঙাৰ গেলেকীত এজোপা গছত খুন্দা মৰাৰ ফলত আৰোহী ক্ৰমে বোকাখাতৰ মানসপুৰ নিবাসী গোবিন ছেত্ৰী আৰু বোকাখাতৰ দ-গাঁও নিবাসী নয়নজ্যোতি দাস গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয়। আঘাটপ্ৰাপ্ত যুৱকদ্বয়ক বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পটাললৈ প্ৰেৰণ কৰা হয়।













