![]()
অজন্তা তালুকদাৰ
বোকাখাত : ‘অসমৰ চাহ বাগিছাসমূহতো কভিড ভেক্সিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে’ আজি বোকাখাতত সাংবাদিকৰ আগত এনেদৰে কয় অসম চৰকাৰৰ শ্ৰম, নিয়োগ আৰু চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ কেবিনেট মন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষানে। তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে যোৱাৰ পথত মন্ত্ৰীগৰাকীয়ে কিছু সময়ৰ জিৰণি লয় বোকাখাতত। বোকাখাতত জিৰণি লোৱা সময়তে সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে চাহ বাগিছাসমূহত কভিডৰ গণ-সংক্ৰমন সন্দৰ্ভত কয় যে কভিডৰ গণ-সংক্ৰমন এক দুৰ্যোগৰ বিষয়। এই সংক্ৰমন ৰোধৰ বাবে চৰকাৰৰ স্বাস্থ্য বিভাগে চাহ বাগিছাসমূহলৈ কিছু নীতি নিৰ্দেশনা দিছে। মন্ত্ৰী সঞ্জয় কিষানে সাংবাদিকৰ আগত কয় যে লাইনসমূহত সমূহীয়া লেট্ৰিন ব্যৱহাৰ কৰা হয় আৰু সীমিত সংখ্যক কোঠালীত শ্ৰমিকসকল বাস কৰে বাবেই বাগিছাৰ কভিডাক্ৰান্তসকলক লাইনৰ কোৱাৰ্টাৰত হোম কোৱাৰেণ্টাইন কৰিবলৈ দিয়া হোৱা নাই। তাৰ পৰিৱৰ্তে বাগিছাসমূহত একোটা কোৱাৰেণ্টাইন কেন্দ্ৰ পাতি সেই কেন্দ্ৰতে আক্ৰান্ত শ্ৰমিকসকলক কোৱাৰেণ্টাইন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
এই ক্ষেত্ৰত চৰকাৰৰ তলফৰ পৰা সহায় সহযোগিতা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ আৰু কয় যে বাগিছাত হোম কোৱাৰেণ্টাইন অথবা কোৱাৰেণ্টাইন কেন্দ্ৰত থকা শ্ৰমিকসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা খোৱা-বোৱাৰ ব্যৱস্থা কৰা হৈছে। লগতে বাগিছাসমূহৰ সমগ্ৰ পৰিৱেশ অধ্যয়ন কৰি চৰকাৰে হয়তো অন্য ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লগীয়া হ’ব পালে বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জনায়। শ্ৰমিকসকলে যথেষ্ট সামাজিক দূৰত্ব মানিয়েই কাম কৰে। বিশেষকৈ বিগত ২০২০ বৰ্ষত কভিডৰ প্ৰথম আগ্ৰাসনৰ সময়ত এনেদৰে সুন্দৰভাৱে চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি চাহ শ্ৰমিকসকলে বাগিছাত কভিডৰ প্ৰৱেশক বাধা দিবলৈ সক্ষম হৈছিল। সামাজিক দূৰত্ব বজাই ৰাখি, চেনিটাইজ কৰি, মাস্ক ব্যৱহাৰ কৰি তেওঁলোকে কাম কৰি নিজকে ৰক্ষা কৰিছিল, যাৰ বাবে বিগত বৰ্ষত কভিডে চাহ বাগিছাসমূহত খুব এটা প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল। তাৰ বিপৰীতে এইবাৰ চাহ বাগিছাসমূহত কভিড সংক্ৰমন অধিক হৈছে। কিন্তু এতিয়া চাহ গছত নতুন পাত উলাইছে। এই সময়ত যদি কভিড সংক্ৰমন ৰোধৰ পৰিপ্ৰেক্ষিতত বাগিছাত কাম সম্পূৰ্ণ বন্ধ কৰি দিয়া হয়, তেন্তে নিশ্চিতভাৱে চাহ উদ্যোগটোৰ বাবেই এক ভাবুকি আহি পৰিব। শ্ৰমিক ৰাইজৰ বাবেও যথেষ্ট কষ্টকৰ হ’ব। সেয়েহে সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনা মানি বাগিছাসমূহত কাম চলাই লৈ যোৱাৰ পক্ষে মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
অৱশ্যে ৰাজ্যৰ আন ঠাইৰ দৰে চাহ বাগিছাসমূহতো আংশিক লক-ডাউন দিব পাৰি নেকি সেই বিষয়ে চিন্তা-চৰ্চা কৰি থকা বুলি আৰু এই বিষয়ে চাহ বাগিছাৰ মালিকপক্ষ আৰু ট্ৰেড ইউনিয়নৰ লগত আলোচনা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কভিডৰ সংক্ৰমন ৰোধৰ স্বাৰ্থত থকা চৰকাৰী কভিড প্ৰটকলৰ সকলো নীতি নিৰ্দেশনা পালন কৰি চৰকাৰক সহযোগ কৰিবলৈ ৰাইজলৈ আহ্বান জনায়।













