![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কৰোনা মহামাৰী সংকটৰ সময়ত ৰাজ্যৰ আৰ্টজনৰ কাষত অসম জাতীয় পৰিষদ। কভিড আক্রান্ত আৰু সৰ্বসাধাৰণ জনতাক বিভিন্ন ধৰণে সহায় কৰা বাবে নৱগঠিত আঞ্চলিক দলটোৱে অসমৰ প্ৰতি জিলাক সামৰি ‘জৰুৰীকালীন কভিড সঁহাৰি কোষ’ গঠন কৰা কথা ঘোষণা দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ।জিলা পৰ্যায়ত দলৰ কিছু সদস্যই কোষটো গঠন কৰিব। জনতাৰ সহায় হোৱা কৈ যোগাযোগ নম্বৰ উল্লেখ থাকিব। উক্ত নম্বৰত কভিড আক্রান্ত ৰোগী অথবা সৰ্বসাধাৰণ জনতাই নিজৰ বিভিন্ন ধৰণৰ অভাৱ, অভিযোগ, অসুবিধা, ঔষধ পাতি সমস্যা বা যিকোনো ধৰণৰ সমস্যাৰ অৱগত কৰিলে সমস্যাসমূহ সমাধান কৰা প্ৰচেষ্টা চলাব কোষে।
উল্লেখ যে, ইতিমধ্যে ১৫-২০খন জিলাত গঠন হৈছে কোষ। উক্ত জিলাসমূহৰ জনতাৰ সুবিধাৰ হোৱাকৈ অসম জাতীয় পৰিষদে মুকলি কৰিছে নিৰ্দিষ্ট যোগাযোগ নম্বৰ। জিলা ভিত্তিত মুকলি কৰা যোগাযোগ নম্বৰসমূহ-
কামৰূপ মহানগৰ জিলাৰ 9101321679 আৰু 9435731820। শিৱসাগৰ জিলা-8822091572। ডিব্ৰুগড় জিলা-8812876404। দৰং জিলা -6901997001। ধেমাজি জিলাৰ-9954332430, 9101730268 আৰু 8638240074। তিনিচুকীয়া জিলা-7575969557। নলবাৰী জিলা-9957443052, 9864699058, 8011430518, 9954906013, 8638574636।হোজাই জিলাৰ -9864222028, 7002835589। যোৰহাট জিলা- 7002795227। বঙাইগাঁও জিলা
8638182129। লখিমপুৰ জিলা-9706068971। তেজপুৰ জিলা- 6026556507। মৰিগাঁও জিলা- 7002319284। বাক্সা জিলা- 9365106691। বিশ্বনাথ জিলা- 9394104929। শদিয়া মহকুমা- 8822587156। ধুবুৰী জিলাত- 8638273061। বজালী জিলা- 8011434368, 9957709173। কামৰূপ জিলা 9864294293।
জিলা পৰ্যায়ত কোষৰ যোগাযোগ নম্বৰ মুকলি কৰি সভাপতি গগৈয়ে কয়- মানৱ জাতিয়ে দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ ঐক্যবদ্ধভাৱে যুঁজ দিয়া সময়। চৰকাৰ-প্ৰশাসনে কভিড সহায় কোষক সহযোগিতা কৰাৰো আহ্বান জনায়।
দলৰ মুখ্যকাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত সভাপতি গৰাকীয়ে জানিব দি কয়- ক’ৰনা আক্রান্তক সহায়ৰ বাবে এজেপিয়ে প্লাজমা বেংক স্থাপনৰ চিন্তা-চৰ্চা কৰিছে। পঞ্জীয়নৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত দলৰ সদস্য কৰ্মকর্তা জাতীয় সেৱকসকলক পঞ্জীয়নৰ আহ্বান তথা জাননী জাৰি কৰা বুলি তেওঁ কয়। অন্য সকলে plasmafinder.assamjatyiaparishad.com বেৱছাইটত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। গুৰুত্বপূৰ্ণ কথা কভিড আক্রান্ত প্লাজমা প্ৰয়োজন হোৱা ব্যক্তিক সহায় কৰা বাবে লোৱা হৈছে এই প্ৰচেষ্টা গগৈয়ে কয়।
আনহাতে, অনলাইনৰ পৰিৱৰ্তে অফলাইন প্ৰক্ৰিয়াৰে কভিড টীকাকৰণ ব্যৱস্থা কৰাৰ দাবী জনায়। লগতে শিশু আৰু জেষ্ঠ সকলোকে আচঁনিৰ আওঁতালৈ আনিবলৈ আহ্বান জনাই। নহ’লে কভিডৰ তৃতীয় ঢৌত সমাজৰ ১৮ বছৰৰ তলৰ শিশু, কিশোৰসকল আক্রান্ত হ’ব।
সংবাদমেলত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, চিত্তৰঞ্জন বসুমতাৰী, জিয়াউৰ ৰহমান উপস্থিত থাকে।













