![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নিৰ্ভীক সাহসী সাংবাদিক তথা মানৱ অধিকাৰ কর্মী পৰাগ কুমাৰ দাসৰ আজি ২৫ সংখ্যক মৃত্যুদিন। ১৯৯৬ চনৰ ১৭ মে’ পুৱা গুৱাহাটীৰ ৰাজপথত আততায়ীৰ গুলিত মৃত্যক আঁকোৱালি লৈছিল নিৰ্ভীক বলিষ্ঠ সাংবাদিকগৰাকীয়ে।
ক’ৰনা মহামাৰী আতংকৰ মাজতে প্ৰতিবছৰৰ দৰে আজিও গুৱাহাটী ৰাজগড়স্থিত সাংবাদিকগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পৰিয়াল তথা শুভাকাংশীয়ে।

প্ৰয়াত দাসৰ পত্নী ৰীতা দাস, পুত্ৰ, ভাতৃ তথা সতীৰ্থ সাংবাদিক মনোৰম গগৈয়ে শ্ৰদ্ধাঞ্জলি জনাই।
গুৰুত্বপূৰ্ণ কথা যে দিনৰ পোহৰতে ৰাজপথত শূন্য দূৰত্বৰ পৰা সাংবাদিকগৰাকীক হত্যা কৰা দোষীক আজিও চিনাক্ত নহ’ল।













