![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসমত কোভিড পৰিস্থিতি এতিয়াও উদ্বেগজনক৷ দৈনিক আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাই চিন্তাত পেলাইছে স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰক৷ তাৰ ফলশ্ৰুতিত এই সংক্ৰমণ ৰোধৰ বাবে তিনিটা পৰ্যায়ত কোভিড বিধি জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ শেহতীয়াভাৱে দেওবাৰৰ পৰা আৰম্ভ হৈছে কোভিডৰ নতুন SOP৷ সেই অনুসৰি পুৱা ৫ বজাৰ পৰা ১১ বজালৈ দোকান-পোহাৰ খোলাৰ অনুমতি দিয়া হৈছে৷ আনহাতে, দিনৰ ১২ বজাৰ পৰা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে৷ এই সময়ছোৱাত কঠোৰ নীতি অৱলম্বন কৰিছে আৰক্ষী-প্ৰশাসনে৷
এইবাৰ কোভিড সংক্ৰমণ ৰোধৰ বাবে আৰু এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ শুকুৰবাৰৰ পৰা বন্ধ থাকিব আন্তঃজিলা যাতায়াত৷ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই বিধি বলৱৎ থাকিব৷ আনহাতে, আগন্তুক সময়ছোৱাৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰে নতুন SOP ঘোষণা কৰিব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে৷













