![]()
অজন্তা তালুকদাৰ
বোকাখাত : কভিডৰ আগ্ৰাসনে চিন্তনীয়ভাৱে গণসংক্ৰমনৰ ৰূপ লৈছে বোকাখাত মহকুমা। সম্প্ৰতি দুখনকৈ চাহ বাগিছাত কভিডৰ গণসংক্ৰমনত আতংকিত হৈ পৰা সময়তে মহকুমাটোত কভিডৰ দ্বিতীয় লহৰে পুনৰ ২ জনকৈ কভিডাক্ৰান্তৰ প্ৰাণ ল’লে। আজি বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ কভিড ৱাৰ্ডত চিকিৎসাধীন হৈ থকা বোকাখাতৰ ৩নং দ গাঁৱৰ ঘনশ্যাম দাস (৪৪)ৰ কভিডত মৃত্যু হয়। ইয়াৰ আগলৈকে বোকাখাত মহকুমাৰ কভিডত মৃত্যুৰ সংখ্যা ৪ আছিল। যদিও দেওবাৰে সন্ধিয়া বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ কভিড ৱাৰ্ডত কভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা গহপুৰৰ বিপিন চন্দ্ৰ গয়াৰী (৫৮)ৰ আৰু আজি ঘনশ্যাম দাসৰ মৃত্যুৰ লগে লগে মহকুমাটোত কভিডত মৃত্যুৰ সংখ্যা ৬ লৈ বৃদ্ধি পায়।
আজিৰ দিনটোতে মহকুমাটোত ৪২ জন লোক কভিডত আক্ৰান্ত হৈছে। ইয়াৰে ১২ গৰাকীক বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ কভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে আৰু বাকীসকল হোম কোৱাৰেণ্টাইনত আছে। অৱশ্যে আজি হস্পিটেলখনৰ পৰা ৬ গৰাকী সুস্থ হৈ ঘৰলৈ উভতি গৈছে। আজি বোকাখাতৰ নুমলীগড় চাহ বাগিছাত ১, বচাপথাৰত ৬, নামপমুৱাত ২, বোকাখাত নগৰত ৩, বিহৰাত ১, লৱনঘাটত ৬, আহোম গাঁৱত ১, ম’হমাইকী গাঁৱত ১, বালিজানত ৩, কুৰুৱাবাহীত ৩, কল্যাণপুৰত ১, বনগাঁৱত ১, হাতীখুলি বাগিছাত ২, কাজিৰঙাৰ বচাগাঁৱত ১ আৰু বৰচাপৰিত ১ জন লোক কভিডত আক্ৰান্ত হয়। এই পৰ্যন্ত মহকুমাটোত মুঠ কভিডাক্ৰান্তৰ সংখ্যা হ’লগৈ ৬৬৭ জন। কভিডৰ দ্বিতীয় লহৰত হস্পিটেলখনৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি যোৱা মুঠ ৰোগীৰ সংখ্যা ১০৩ জন।













