![]()
অজন্তা তালুকদাৰ
বোকাখাত : কভিডৰ দ্বিতীয় লহৰত আগ্ৰাসনে অনা গণসংক্ৰমন ৰোধৰ স্বাৰ্থত আৰোপ কৰা হৈছে বাধা নিষেধ। বিভিন্ন প্ৰচাৰ মাধ্যমৰ লগতে বোকাখাতৰ মহকুমা প্ৰশাসন, আৰক্ষী আৰু চিকিৎসা বিভাগে সজাগতা সৃষ্টিৰ বাবে অবিৰত প্ৰচেষ্টা চলাই আহিছে। কিন্তু বৰ্তমান নগৰখনৰ লগতে মহকুমাটোৰ বহুকেইটা অঞ্চলত দেখা পোৱা গৈছে এক বিপৰীত ছবি। পুৱা ১১ বজাৰ ভিতৰত অঞ্চলটোৰ দোকান, বজাৰ, বেংকত দেখা পোৱা গৈছে কভিড প্ৰটকল বিৰোধী জন সমাবেশ; পাণ জপা দি মানুহ। যেন বোকাখাতত ক্ৰমশঃ নিয়ন্ত্ৰণহীন হোৱাৰ উপক্ৰম হৈছে কভিড নীতি নিৰ্দেশনা। ইখনৰ পাছত সিখন চাহ বাগিছা গণসংক্ৰমণৰ বলি হৈছে আৰু কন্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰিব লগা হৈছে। মূলতঃ বাগিছা অঞ্চলৰ একাংশ লোকে সদ্যজাত সন্তনক পিঠিত লৈ টকা উলিয়াবলৈ বেংকত একে সময়তে সমবেত হৈছে। এক কথাত বোকাখাতত ধোঁৱাচাঙত উঠিছে কভিড প্ৰট’কল।
বিশষকৈ সোমবাৰে বোকাখাতৰ প্ৰতিটো বেংকৰ শাখাত ব্যাপক ভীৰ পৰিলক্ষিত হোৱা দেখা গ’ল। ইফালে এঘাৰ বজাৰ আগতে বেংকৰ পৰা টকা উলিয়াই দোকান বজাৰ কৰি, সোনকালে ঘৰ পোৱাৰ চেষ্টাত সকলো দোকান পোহাৰ, বজাৰ হাটত ভীৰ হৈছে আৰু অনুৰূপ ধৰণে ভীৰ হৈছে সৰু-সৰু যাত্ৰী বাহী বাহনত। কভিড সংক্ৰমনে এনেকুৱা পৰিবেশত ভয়াবহ ৰূপ লোৱাৰ তীব্ৰ আশংকা প্ৰকাশ কৰিছে সচেতন ৰাইজে।
আনহাতে কভিড ভেকচিনৰ ক্ষেত্ৰত গ্ৰাম্যাঞ্চলৰ ৰাইজ বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। গ্ৰাম্যাঞ্চল, চাহ বাগিছা আৰু অনগ্ৰসৰ অঞ্চলৰ লোক আন লাইন পঞ্জীয়নৰ ক্ষেত্ৰত অসন্তুষ্ট হৈছে। কালি দিনৰ ৪ বজাত অনলাইন পঞ্জীয়ন আৰম্ভ হৈছিল। কিন্তু ৰহস্যজনকভাৱে ৪ বাজি ৫ মিনিট ২১ চেকেণ্ডত ২০০ জনৰ পঞ্জীয়ন সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰে। ইফালে এই বাতৰি লিখা পৰ্যন্ত মহকুমাটোৰ প্ৰায় ৫ লাখ জনসাধাৰণৰে মাত্ৰ ১২,৮৫৬ জন লোককহে ভেকচিন প্ৰদান কৰিছে।













