![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ কাকীত কভিডত আক্ৰান্ত স্বামীক ঘৰতে থৈ পত্নীয়ে খাদ্য সামগ্ৰীৰ সন্ধানত কন্টেইনমেন্ট জ’নৰ পৰা উলাই আহিব লগা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ উল্লেখ যে, কাকী বঢ়মপুৰ গাঁৱত ২৯ গৰাকী লোক কভিডত আক্ৰান্ত হোৱাত প্ৰশাসনে যোৱা ১০ মে’ তাৰিখে কন্টেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰিছিল৷ কিন্তু কন্টেইনমেন্ট জ’নত থকা দৰিদ্ৰ লোকসকলক প্ৰশাসনে কোনো খাদ্য সামগ্ৰী যোগান নধৰাত দৰিদ্ৰ লোকসকলৰ মাজত হাঁহাকাৰ সৃষ্টি হৈছে আৰু এনে দুৰৱস্তাৰ বাবেই মঙলবাৰে পুৱা পদ্মা গগৈ নামৰ মহিলা গৰাকীয়ে কভিড ৰোগী স্বামী অনিল গগৈক ঘৰত অকলে এৰি থৈ খাদ্য সামগ্ৰী সন্ধানত কন্টেইনমেন্ট জ’নৰ পৰা বাহিৰলৈ ওলাই আহে৷ পিছত গাঁৱৰ গাঁওবুঢ়া আৰু কেইজনমান সচেতন নাগৰিৰক বুজনিত মহিলা গৰাকী ঘৰলৈ ওভতি যায়৷
মনকৰিব লগা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কন্টেইনমেন্ট জ’নত থকা দুখীয়া লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিছে যদিও হোজাই জিলা প্ৰশাসনে কাকী বঢ়মপুৰ কন্টেইনমেন্ট জ’নত থকা লোকসকলৰ খবৰ নোলোৱাৰ অভিযোগ উঠিছে৷












