![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অপহৰণ প্ৰায় এক মাহ হ’বলৈ দুটা দিন বাকী থকা সময়তে আহিছে এক ভাল খবৰ। অ’.এন.জিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া সন্ধান। আলফা(স্বা)ৰ জিম্মাত নিৰাপদে সুস্থ শৰীৰে আছে ৰিতুল। সংবাদ মাধ্যমক ফোন যোগে এই কথা জনালে আলফা(স্বা) মুখ্য সেনাধক্ষ পৰেশ বৰুৱাই। কৰ্মচাৰী ৰিতুলৰ পত্নীক চিন্তা নকৰিবলৈও আহ্বান জনায় বৰুৱাই।
উল্লেখ যে ভাৰতীয় তিনিটা তৈল প্ৰতিষ্ঠানক আলফা(স্বা) দিয়া ৭টা দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদিচ্ছা দেখাইছে বুলি বৰুৱাই কয়। পূৰ্বতে কোনো মুখ্যমন্ত্ৰীয়ে এই দৰে কোৱা নাছিল।
অ’এনজিচিৰ সৈতে আলোচনা মৰ্মে শীঘ্ৰে মুক্তি দিব বুলি জনাই কৰ্মচাৰীগৰাকীক।
মুক্তি দিয়াটো এশ শতাংশ নিশ্চিত। কভিড চলি আছে।কিছুমান ঠাইত লকডাউন চলি আছে। সকলো কথা চালি জাৰি চাই মুখ্যমন্ত্ৰীক অসম আৰক্ষী, আসাম ৰাইফল, সেনা বাহিনী মুৰব্বীসকলে তেওঁক উদ্ধাৰ কৰিব পাৰিম বুলি চিঞৰি থকা বাবে আলফা(স্বা) ইমান দিনে মন্তব্য কৰা নাছিল বুলি উল্লেখ কৰি বৰুৱাই কয়- মন জিলাত প্রকৃতে উদ্ধাৰ কৰিবলৈ যোৱা নাছিল হত্যা কৰা পৰিকল্পনা কৰিছিল।
উল্লেখ যোৱা ২১ এপ্ৰিলত লাকুৱা পৰা অপহৰণ কৰিছিল দুই সতীৰ্থ ক্ৰমে মোহিনী গগৈ আৰু অলকেশ শইকীয়াসহ ৰিতুলক। অপহৰণৰ দুদিন পিছতে নাগালেণ্ডৰ মন জিলাত দুই সতীৰ্থক উদ্ধাৰ কৰা হৈছিল যদিও ৰিতুল সন্ধানহীন হৈ আছিল।
ইফালে, অপহৃত ৰিতুল শইকীয়াৰ বৰহোলাৰ নাঙল গাঁৱৰ ঘৰত মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পৰিয়ালক সাক্ষাৎ কৰি সু-শৰীৰে ৰিতুলক উভতাই আনিবলৈ চৰকাৰে প্ৰচেষ্টা চলাই আছে বুলি আশ্বাস প্ৰদান কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ আশ্বাসৰ কিছু মুহূৰ্তৰ পিছতে আলফা(স্বা)য়ে ৰিতুল তেওঁলোকৰ জিম্মাত থকা বুলি নিশ্চত প্ৰদান কৰিছে।













