![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অ’এনজিচিৰ অপহৃত শ্ৰমিক ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত হয়৷ উল্লেখ্য, অ’এনজিচিৰ লাকুৱা চৌহদৰ পৰা যোৱা ২১ এপ্ৰিলত সন্দেহযুক্ত আলফা সদস্যই দুগৰাকী সতীৰ্থসহ ৰিতুল শইকীয়াক অপহৰণ কৰি নিছিল৷
ইতিমধ্যে শইকীয়াৰ আন দুগৰাকী সতীৰ্থক আৰক্ষী তথা সশস্ত্ৰ বাহিনীয়ে যুটীয়া অভিযানত উদ্ধাৰ কৰে যদিও আজি প্ৰায় এমাহ ধৰি ৰিতুল শইকীয়াৰ কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ৰিতুল শইকীয়া ভাৰত-ম্যানমাৰ সীমান্তত সুস্থ শৰীৰে থকাৰ লগতে উদ্ধাৰৰ আশ্বাস প্ৰদানৰ পিছত আজি মুখ্যমন্ত্ৰী সোঁশৰীৰে গৈ যোৰহাটৰ তিতাবৰৰ বৰহোলাৰ ঘৰত উপস্থিত হয় আৰু অপহৃত শইকীয়াৰ পিতৃ-মাতৃ, পত্নী তথা পৰিয়ালৰ সদস্যসকলৰ লগত আলাপ কৰে৷
লগতে ৰিতুল শইকীয়াক সুস্থ শৰীৰে শীঘ্ৰে ঘূৰাই অনাৰ বাবে অসম চৰকাৰে সম্পূৰ্ণ চেষ্টা কৰাৰ পুনৰ আশ্বাস প্ৰদান কৰে৷
আজি মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ তপন গগৈ, পল্লৱ লোচন দাস আৰু কামাখ্যা প্ৰসাদ তাছাই৷ আনহাতে, যোৰহাট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে৷












