![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা দ্ৰুত বৃদ্ধি মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক। ডঃ শৰ্মাৰ চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠকত লোৱা হয় বহুকেইটা সিদ্ধান্ত। ক’ৰনা প্ৰতিৰোধ সন্দৰ্ভত আলোচনা হয় বৈঠকত। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কেবিনেট দুই মুখপাত্ৰ মন্ত্ৰী পিযুষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্তই অৱগত কৰে।
বৈঠকত লোৱা ৪টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে-
কেবিনেট মৰ্যদা লাভ কৰিব বিটিচি চীফ, কাৰ্বি আংলং চিইএম আৰু ডিমা হাছাও চীফে।
ৰাজ্য মহাধিবক্তা হিচাপে দেৱজিৎ শইকীয়াক নিযুক্তি প্ৰদান। বৰ্তমান কাৰ্যনিৰ্বাহক কৰি থকা মহাধীবক্তা ৰমেশ বৰপাত্ৰগোহাঁইক কেবিনেটে সন্মান আৰু ধন্যবাদ জ্ঞাপন।
জিলা ভিত্তিত ৰাজ্য উন্নয়ন বাবে ইনচার্জ মিনিষ্টা পৰিৱৰ্তে গাৰ্জেন মিনিষ্টাৰ নিযুক্তি দিয়া হব।যিখন জিলাৰ দায়িত্ব যি গৰাকী মন্ত্ৰীয়ে লাভ কৰিব সেইখন জিলা উন্নয়ন, অন্যান্য আইন-শৃংখলা সকলো বিষয় তদাৰক কৰিব লাগিব।যদি কোনো সমস্যা থাকে উপায়ুক্ত বা জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰী বা মন্ত্ৰীসভাক জনাই জিলাখনৰ উন্নয়নৰ কাম কৰিব।
ৰাজ্যত অক্সিজেনৰ যোগান যাতে নাটনি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
ৰাজ্যত কোনো ব্যক্তি-প্ৰতিষ্ঠানে অক্সিজেনৰ নতুন প্লান্ত স্থাপন কৰিলে এটা বছৰ এশ শতাংশ বিনামূলীয়া হ’ব বিদ্যুৎ সেৱা।
একেদৰে বন্ধ হৈ থকা অক্সিজেন প্লান্ত নতুনকৈ কাৰ্যক্ষম কৰিবলৈ বিচাৰিলে তাতো ১০০% বিদ্যুত সেৱা বিনামূলীয়া কৰিব চৰকাৰে।
বৰ্তমান চলি থকা অক্সিজেন প্লান্তত উৎপাদন বৃদ্ধি বাবে অতিৰিক্ত ভাৱে প্লান্ত স্থাপন কৰিলে ১০০শতাংশ নতুনকৈ স্থাপন কৰা অংশত বিদ্যুৎ সেৱা চৰকাৰে ব্যয় কৰিব।
ৰাজ্য বৰ্তমান চলি থকা অক্সিজেন প্লান্তৰ ২০ শতাংশ বিদ্যুৎ ব্যয় বহন কৰিব চৰকাৰে।
উল্লেখ যে সমগ্ৰ ব্যৱস্থাই চলিত বৰ্ষ ১জানুৱাৰী পৰা সামৰি লব।বিত্তীয় বৰ্ষ হিচাপত চলিত বৰ্ষ পহিলা এপ্ৰিলৰ পৰা ২০২২ চনৰ ৩১মাৰ্চলৈকে সামৰি লব। সংবাদ মাধ্যমক এই কথা অৱগত কৰে স্বাস্থ্য মন্ত্ৰী তথা কেবিনেট মুখপাত্ৰ কেশৱ মহন্তই।













