![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা আতংকৰ মাজতে অহা শুকুৰবাৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ পঞ্চদশ অধিৱেশ। পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিৱেশৰ বাবে বুধবাৰে নিযুক্তি দিয়া হয় প্ৰটেম অধ্যক্ষ।
ফণীভূষণ চৌধুৰীয়ে প্ৰটেম অধ্যক্ষৰূপে শপত গ্ৰহণ কৰে। ৰাজ্যপালৰ অনুপস্থিতিত মুখ্য সচিব জিষ্ণু বৰুৱাই শপত বাক্য পাঠ কৰোৱাই চৌধুৰীক। ইফালে প্ৰটেম অধ্যক্ষগৰাকীক শপত বাক্য মুখ্য সচিবে পাঠ কৰোৱাই লৈয়ো সামাজিক মাধ্যমত আৰম্ভ হৈছে ব্যাপক চৰ্চা। একাংশ উল্লেখ কৰিছে ৰাজ্যপালগৰাকীক অনুপস্থিতিত ৰাজ্য উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে প্ৰটেম অধ্যক্ষগৰাকীক শপত বাক্য পাঠ কৰোৱাব লাগে।
সামাজিক মাধ্যমত এই সন্দৰ্ভত বহুজনে প্ৰকাশ কৰিছে এইদৰে- সাংবিধানিক পদ মৰ্যাদা মুখ্য সচিবগৰাকী ২২ নম্বৰ। কিন্তু বিধানসভাৰ অধ্যক্ষ গৰাকী ১৮ নম্বৰত। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ১৪ নম্বৰত”। তেনে ক্ষেত্ৰত মুখ্য সচিবে কিদৰে প্ৰটেম অধ্যক্ষগৰাকীক শপত বাক্য পাঠ কৰাব বুলিও ব্যাপক আলোচনা হৈছে।
উল্লেখ যে, তিনিদিনীকৈ অনুষ্ঠিত হ’ব বিধানসভা অধিৱেশন। প্ৰথম দিনা ১২৬জন বিধায়কে শপত গ্ৰহণ কৰিব। দ্বিতীয় দিনটোত ৰাজ্যপালৰ ভাষণ।













