![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
প্ৰবীণ শিল্পী অৰুণ দাসলৈ ৰাজ্য চৰকাৰৰ সাহায্য। এক লাখ টকা এককালীন সাহায্য শিল্পী গৰাকীক আগবঢ়াই সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই। শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী বৰাই এক লাখ টকা চেক প্ৰদান কৰে।
উল্লেখ যে ক’ৰনাত আক্রান্ত শিল্পী গৰাকীয়ে কেইবাদিনো গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থাকি মঙলবাৰে সুস্থ হৈ ঘৰলৈ ঘূৰি আহিছে। পত্নী সৈতে কভিডত আক্রান্ত শিল্পী গৰাকী আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল। চিকিৎসালয় পৰা শিল্পীগৰাকীক নৱপ্ৰজন্মৰ হাৰ্টথ শিল্পী জুবিন গাৰ্গ, জয়ন্ত কাকতিয়ে মঙলবাৰে ঘৰলৈ আনে।
দুদিন পূৰ্বে শিল্পীগৰাকীৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। আৰ্থিক সহায় বিচাৰি কাতৰ আহ্বান জনাইছিল শিল্পীগৰাকীয়ে।
ইফালে সাহাৰ্য প্ৰদান কৰি মন্ত্ৰী বৰাই কয়- আৰ্থিক দৈন্যতাত ভোগা শিল্পী, কলা কুশলীক চৰকাৰে প্ৰদান কৰিব সাহায্য। অৰুণ দাসক অসম চৰকাৰে শিল্পী পেঞ্চন আগবঢ়াব বুলিও তেওঁ ঘোষণা কৰে।













