![]()
অজন্তা তালুকদাৰ
বোকাখাত : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চল এলেকাত আজি এটা বনৰীয়া ম’হৰ আক্ৰমনত এজন বনকৰ্মী গুৰুতৰভাৱে আহত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ ৰজামাৰী বন শিৱিৰ এলেকাত নিয়মীয়া তহলৰ বাবে সতীৰ্থৰ সতে খোজকাঢ়ি গৈছিল বনকৰ্মীজন।
আকস্মিকভাৱে গোনা ম’হটোৱে কৰা আক্ৰমণত বনকৰ্মী দোলেশ্বৰ ৰেগনৰ এখন ভৰি ভাগি যোৱাৰ লগতে বুকু আৰু মুৰত গুৰুতৰ আঘাত পায়। প্ৰথম ফৰেষ্ট বেটেলিয়নৰ বনকৰ্মীজনক বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসাৰ অন্তত আহত বনকৰ্মীজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।













