![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
প্ৰয়াত সাহিত্যক, সাংবাদিক, চিন্তাবিদ হোমেন বৰগোহাঞি নামত নামাকৰণ হ’ব নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও সংযোগী বিশেষ পথটো। ৫০ কিঃমিঃ দৈঘ্য পথটোৰ প্ৰয়াত বৰগোহাঞি নামত উচৰ্গা কৰা কথা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে ঘোষণা কৰে।
উল্লেখ যে পোষ্ট কভিডত আক্রান্ত হৈ একসপ্তাহৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিছিল বৰগোহাঞিয়ে।
অসমীয়া সাহিত্য জগতত এক বৃহৎ অৱদান আগবঢ়াই যোৱা বিশিষ্ট সাহিত্যগৰাকীৰ স্মিতি চিৰযুগমীয়া কৰা বাবে অসম চৰকাৰে তাৎক্ষণিকভাৱে এই প্ৰদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
খানাপাৰা অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত সম্বোধন কৰা সংবাদমেলত ৰাজ্য শেহতীয়া কভিড পৰিস্থিতিত আশা ৰেঙনি দেখা বুলিও মন্তৱ্য প্ৰকাশ কৰে।
আনহাতে, বৰ্তমান সময়লৈকে ৰাজ্য ৩৫ লাখ ব্যক্তিক কভিড ভেকচিন প্ৰদান কৰা বুলিও জানিব দিয়ে। ৪৫ বছৰৰ ঊৰ্ধ নাগৰিকক কেন্দ্ৰীয় চৰকাৰে ভেকিচিন যোগান ধৰা বিপৰীতে ১৮ বছৰৰ ঊৰ্ধসকলক ৰাজ্য চৰকাৰে যোগান ধৰিছে ভেকচিন। তাৰ বাবে চৰকাৰক প্ৰয়োজন ৬০০ পৰা ৮০০ কোটি টকা। মুখ্যমন্ত্ৰীগৰাকীয়ে ভেকচিন ক্ৰয় কৰা বাবে আৰোগ্য নিধিত জমা হৈ থকা ১১৯ কোটি টকা ব্যয় কৰি থকা কথাও জানিব দিয়ে। লগতে ৰাজ্যবাসীক আৰোগ্য নিধি আৰু মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিত সামৰ্থ অনুসৰি বৰঙণি আগবঢ়োৱাৰো আহ্বান জনায় ভেকচিন ক্ৰয়ৰ বাবে।
ইফালে, অসম আৰোগ্য নিধিলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজি পৰা ৫০ কোটি টকা আগবঢ়াই মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।













