![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আলফা(স্বা) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আহ্বান- অইল-অএনজিচিক অসমৰ বাবে কাম কৰোৱা দায়িত্ব মই লৈছোঁ আপুনি ৰিতুল শইকীয়া এৰি দিয়ক। মুখ্যমন্ত্ৰী, চৰকাৰী, ৰাষ্ট্ৰ দম্ভ অহংকাৰে নহয়, বিনম্রভাৱে আহ্বান জনাইছোঁ’।
পৰিয়ালটোক দুদিন পূৰ্বে সাক্ষাৎ কৰি যিখিনি কথা বুজিলো বহুত কষ্টৰে পৰিয়ালটোৱে দিন পাৰ কৰিছে। বহুত কষ্ট-ত্যাগৰ ফলত ২০১৬ চনত অএনজিচিৰ নিম্নবৰ্গ সহায়ক হিচাপে যোগদান কৰিছিল ৰিতুলে। মুখ্য সেনাধ্যক্ষ গৰাকীক উদেশ্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘আপুনি ৰিতুলৰ ঘৰখনলৈ আহিলে আপোনাৰো চকুপানী নিগৰি আহিব। তেওঁক অপহৰণত অইল-অএনজিচিয়ে কিবা কাম কৰিব তেনে নহয়। অএনজিচি-অইলক কাম কৰাবলৈ ৰাজ্য চৰকাৰে আলোচনা কৰিব’।
অসমৰ বিকাশত অইল স্থবিৰ হ’লে জটিলতা আহি পৰিব। অইল খণ্ডৰ পৰা বছৰি ১৪ হাজাৰ কোটিৰো অধিক টকা ৰয়েলিটি অসমে লাভ কৰি আহিছে। অইল খণ্ডৰ ওপৰত আক্ৰমণ চলিলে ৰাজ্যৰ মেৰুদণ্ড ভাগি যাব’।
বিগত কিছদিন ধৰি টিভি মাধ্যমত আলফা মুৰব্বীগৰাকীয়ে ধনাত্মক মন্তব্য কৰা বুলি উল্লেখ কৰি তেওঁ আহ্বান জনায় – ৰিতুল শইকীয়া মুক্তিৰে সদিচ্ছাৰ বাতাবৰণ সৃষ্টি কৰক। সদিচ্ছা বাতাবৰণে বহুদূৰ আগবাঢ়িব পাৰিম’।
অইল-অএনজিচিক কাম কৰোৱা দায়িত্ব মই লৈছোঁ। তাৰ বাবে ৰিতুল শইকীয়াক বন্দী কৰি থোৱা প্ৰয়োজন নাই- মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয়।













