![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
জল্পনা-কল্পনা অৱসান। শুকুৰবাৰে এক ঐতিহাসিকক্ষণৰ সাক্ষী হ’ব অসম বিধানসভা আৰু ৰাজ্যবাসী। কাৰাগাৰৰ বন্ধ কোঠৰী পৰা ওলাই বিধানসভাৰ মজিয়াত শপত গ্ৰহণ কৰিব নৱ নিৰ্বাচিত বিধায়ক কাৰাবন্দী নেতা অখিল গগৈয়ে।
কাৰাৰুদ্ধ অৱস্থাতে নির্বাচনত অৱৰ্তীন হৈ ঐতিহাসিক ১০৮নং শিৱসাগৰ সমষ্টি পৰা জয়ী হোৱা গগৈয়ে আনুষ্ঠানিকভাৱে বিধানসভাত উপস্থিত হৈ গ্ৰহণ কৰিব শপত। বিধানসভা প্ৰটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে ১২৬ জন বিধায়কক পাঠ কৰোৱাব শপত বাক্য।
গুৰুত্বপূৰ্ণ কথা যে নিয়া গোচৰত বিগত ডেৰ বছৰৰো অধিক সময় কাৰাবন্দী হৈ থকা গগৈক শপত গ্ৰহণত উপস্থিত থকা বাবে নিয়া আদালতে অনুমতি প্ৰদান কৰিছে।
উল্লেখ যে কাৰাবন্দী অৱস্থাত বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভাত শপত গ্ৰহণ কৰা দেশৰ ভিতৰতে বিৰল হিচাপে পৰিগণিত হৈছে।
কাৰাগাৰ কৰ্তৃপক্ষই শুকুৰবাৰে বিধায়ক অখিল গগৈক জিএমচি এইচৰ পৰা পুৱাই লৈ যাব বিধানসভালৈ।













