![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কাৰাগাৰৰ পৰা অসম বিধানসভা পবিত্ৰ মজিয়াত বিধায়ক হিচাপে শপত লৈ শিৱসাগৰ সমষ্টিবাসীক কৃতজ্ঞতা জনালে বিধায়ক অখিল গগৈয়ে। শপত গ্ৰহণৰ ঐতিহাসিক দিনটোত সমষ্টিবাসী আশ্বস্ত কৰি লিখিতৰূপত বিধায়ক অখিলৰ বহুকেইটা প্ৰতিশ্ৰুতি।
ৰাজনৈতিকভাৱে অসম বিধানসভাত প্ৰতিনিধিত্ব সুযোগ দিয়া বাবে শিৱসাগৰবাসীক কৃতজ্ঞতা জনাই তেওঁ কয়- প্ৰাৰ্থী নেদেখাকৈ কেৱল ৰাজনৈতিক আদৰ্শ আৰু কাৰ্যকলাপ চাই মোক জয়ী কৰি শিৱসাগৰবাসীয়ে ইতিহাস ৰচনা কৰিলে। ঐতিহাসিক জয়ে জন-গণ সংগ্রামখনৰ প্ৰতি অধিক দায়বদ্ধ কৰি তুলিলে। এইয়া যেন ডেউকা ভঙা যুঁজাৰু পক্ষী যুঁজিবলৈ গজি উঠা নতুন ডেউকাৰ”।
পূৰ্বতে কোৱাৰ দৰে পুনৰ তেওঁ কয়- এইয়া মোৰ অসমবাসীৰ জাতীয় অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্রামৰ পৰা পলায়ন নহয়, বৰং আন এখন বিশাল সংগ্রামৰ আৰম্ভণি বুলি উল্লেখ কৰি কয়- অসম বিধানসভাত দৃঢ়তাৰে, অকতোভয়ে, অসম, অসমীয়া জাতি আৰু অসমৰ জনগণৰ অধিকাৰ প্ৰাপ্তিৰ সংগ্রামখনক তুলি ধৰিম। চৰকাৰৰ যিকোনো ধৰণৰ জনবিৰোধী কাম কাজক সবলভাৱে বিৰোধিতা কৰা হ’ব বুলি তেওঁ কয়।
‘এজন গঠনমূলক বিৰোধী হিচাপে অসমবাসীৰ গণতান্ত্ৰিক অধিকাৰ বা বাক স্বাধীনতা হৰণ কৰা সকলো চৰকাৰী কামত সমালোচনা কৰিম আৰু সদায়ে জনগণৰ লগত থাকিম’- বিধায়ক গৰাকীয়ে লগতে কয়।
উল্লেখ বিধায়ক হিচাপে শুকুৰবাৰে পুৱা ১১.১৯ বজাত শপত গ্ৰহণ কৰে অখিলে। প্ৰটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে শপত বাক্য পাঠ কৰাই গগৈক।













