![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
‘কভিড বাবে ৰাজ্য চৰকাৰে জাৰি কৰা কঠোৰ বাধ্য-বাধকতা বাবে শেহতীয়া দিনকেইটাত সংক্ৰমণ হ্ৰাস পোৱা ইংগিত পাইছোঁ। যোৱা কেইবাটাও দিন ৰাজ্যত আক্রান্ত হাৰ পূৰ্বতকৈ হ্ৰাস হৈছে’- জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ মন্তৱ্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। কভিড প্ৰতিৰোধৰ বাবে চৰকাৰ তথা স্বাস্থ্য বিভাগে তৎপৰতাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি মহন্তই কয়- ৰাজ্যত অহা দুই-এদিনৰ ভিতৰত কভিড টেষ্টৰ সংখ্যাই ১ কোটি ঘৰ অতিক্ৰম কৰিব। ৰাজ্যত দৈনিক ১ লাখ টেষ্ট কৰা বাবে সামৰ্থ হৈছে স্বাস্থ্য বিভাগ।
উল্লেখ ৰাজ্যত বৰ্তমান ১৩ হাজাৰ ৮৬৩খন কভিড থকা বুলি জানিব দিয়ে। তাৰ ৭৮৭খন আইচিইউ, ১১ হাজাৰ ১৫৪খন আইছলেচন আৰু ১৯২২খন অক্সিজেন বিচনা আছে ।
আনহাতে, গুৱাহাটীত বৰ্তমান ২৫২০খন বিচনা আছে। নতুনকৈ আৰু ৩০০০খন বিচনা স্থাপনৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পাৰ্কিং ২০০খন নতুন বেডিং স্থাপন কৰা হৈছে।তাৰ ১০০ খন অক্সিজেন বিচনা।
সংবাদমেলত মহন্তই প্ৰকাশ কৰা মতে সমগ্ৰ ৰাজ্য বাবে দৈনিক ৮০ মেট্ৰিকটন অক্সিজেন প্ৰয়োজন। বৰ্তমান অসমত ১৩টা অক্সিজেন প্লান্তত ৭০মেট্ৰিকটন অক্সিজেনৰ উৎপাদন হয়।কেন্দ্ৰীয় চৰকাৰৰ পৰা ৩০-৪৫ মেট্ৰিকটন অক্সিজেন দৈনিক অসমে লাভ কৰে গতিকে ৰাজ্যখনত অক্সিজেনৰ কোনো নাটনি হোৱা নাই।
কামৰূপ(ম) জিলাত আক্রান্ত সংখ্যা বৃদ্ধি প্ৰতি লক্ষ্য ৰাখি ডাউন টাউন বিশ্ববিদ্যালয়ত ৪০০খন বিচনা যুক্ত কভিড চিকিৎসালয়। স্থাপন কৰিব স্বাস্থ্য বিভাগে। তাৰ বাবে ইতিমধ্যে সকলো প্ৰক্ৰিয়া হৈ গৈছে। উল্লেখ চিকিৎসালয়খনত ৩০০খন অক্সিজেন বিচনা হোৱা লগতে ১০০খন আইচিইউ বিচনা হ’ব- মহন্তই কয়।
শেহতীয়াকৈ ৰাজ্যত দেখা দিয়া ব্লেক ফাংগাছ সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৫গৰাকী মুৰব্বী অধ্যাপক লৈ স্বাস্থ্য বিভাগে গঠন কৰিছিল কমিটি। সমগ্ৰ ঘটনা সন্দৰ্ভত কমিটিয়ে পৰ্যবেক্ষণ কৰি প্ৰতিবেদন দাখিল কৰিছে স্বাস্থ্য বিভাগক। এই কথাও জানিব দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
ব্লেক ফাংগাছক লৈ ৰাজ্যবাসীৰ চিন্তিত প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে পৰ্যবেক্ষণ কমিটিয়ে। এই ৰোগ সংক্ৰমণ নহয়। ব্লেক ফাংগাছ মহামাৰী নহয় বুলিও সংবাদমেলত উপস্থিত থকা চিকিৎসকে ঘোষণা কৰে।













