![]()
অজন্তা তালুকদাৰ
বোকাখাত : চলিত কডিদৰ দ্বিতীয় ঢৌত বোকাখাত মহকুমাত সৰ্বাধিক ৭৯জন লোক কভিডত আক্ৰান্ত হৈছে। লক্ষণীয়ভাবে আজিৰ দিনটোত বোকাখাতৰ চাহ বাগিচা অঞ্চলৰ ২৬ জন লোক আক্ৰান্ত হৈছে। ইয়াৰে ২৩ গৰাকীক বোকাখাত কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ কভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে আৰু বাকী ২৯ জনকৈ কভিড আক্ৰান্তক চাহ বাগিচাৰ কভিড পৰিচৰ্যা কেন্দ্ৰত ৰাখিছে। এই পৰ্যন্ত হস্পিটেল আৰু কভিড কেয়াৰ কেন্দ্ৰত মুঠ ৫৩ গৰাকী কভিড ৰোগী চিকিৎসাধীন হৈ আছে।
অৱশ্যে আজি হস্পিটেলখনত ২৯ গৰাকী ভৰ্তি হোৱাৰ বিপৰীতে ৬ গৰাকী সুস্থ হৈ ঘৰলৈ উভতি গৈছে। এই পৰ্যন্ত মহকুমাটোত মুঠ কভিডাক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৫৪ জন। কভিডৰ দ্বিতীয় লহৰত বোকাখাতৰ কভিড কেয়াৰ কেন্দ্ৰত আজিলৈকে ২৫৯ জন ভৰ্তি হৈছিল আৰু হস্পিটেলখনৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি যোৱা মুঠ ৰোগীৰ সংখ্যা ১৮৪ জন। আজিলৈকে বোকাখাতৰ ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ কভিড পৰিচৰ্যা কেন্দ্ৰত মুঠ ১৯১৪৯ জনৰ কভিড পৰীক্ষা কৰা হয় আৰু ইয়াৰে ৯৫৪ জনৰ পজিটিভ ধৰা পৰে। আজিলৈকে মুঠ ১৪৩৮৬ জনক ভেকচিন প্ৰদান কৰা হৈছে।













