নিউজ ডেস্কঃ
অসমাপ্ত আইপিএলৰ দ্বিতীয় পর্ব সংযুক্ত আৰব ৰাষ্ট্ৰত আৰম্ভ হ’ব পাৰে ছেপ্টেম্বৰ মাহৰ ১৯ অথবা ২০ তাৰিখৰ পৰা। ফাইনেল অনুষ্ঠিত হ’ব ১০ অক্টোবৰত। চলিত ছিজনৰ আইপিএলত ৩১খন মেচ বাকী আছে। ২১ দিনৰ ভিতৰত এই বাকী থকা মেচবোৰ শেষ কৰিব বিচাৰিছে বিচিচিআইয়ে, যাতে এই প্রতিযোগিতা টি-২০ বিশ্বকাপৰ আগতেই শেষ কৰিব পৰা যায়।
উল্লেখ্য, ১৪ ছেপ্টেম্বৰত ভাৰতীয় দলৰ ইংলেণ্ড ভ্ৰমণ শেষ হ’ব। তাৰ পিছতেই মৰু চহৰত পুনৰ অনুষ্ঠিত হ’ব পাৰে বিশ্বৰ জনপ্রিয়তম ক্রিকেট লীগৰ বাকী থকা মেচসমূহ।