![]()
নিউজ ডেস্কঃ
ৰাজ্য চৰকাৰৰ সকলো বিভাগত খালি হৈ থকা পদৰ হিচাপ দিবলৈ জাননী বিত্তীয় বিভাগৰ। মঙলবাৰে বিভাগত খালি থকা পদৰ তালিকা বিচাৰি বিত্তীয় বিভাগে জাৰি কৰে জাননী। উল্লেখ অহা এটা সপ্তাহৰ ভিতৰত বিভাগক তথ্য দাখিল কৰা নিৰ্দেশ প্ৰদান বিত্তীয় বিভাগৰ। এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী অজন্তা নেওগে।
গুৰুত্বপূৰ্ণ কথা ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১লাখ নিবনুৱাক নিযুক্তি দিয়া কথা ইতিমধ্যে সদনত ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ঘোষণাৰ পিছতে বিত্তীয় বিভাগে খালি পদৰ হিচাপে বিচাৰিছে বিভাগসমূহক।
বিত্তীয় মন্ত্ৰী অজন্তা নেওগে কয়- সুস্থ প্ৰশাসনৰ বাবে বিভাগবোৰত খালি থকা পদসমূহ পূৰণ কৰিব লাগিব। অহা এটা বছৰৰ ভিতৰত নিযুক্তিসমূহ দিয়াৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব’।
মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে সকলো বিভাগৰ পৰা খালি পদৰ হিচাপ বিচৰা হৈছে। গৃহ, স্বাস্থ্য, শিক্ষা বিভাগত অধিক পদ খালি হৈ আছে।













