![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা আতংকৰ মাজতে আজি দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ কবিনেট বৈঠক। বৈঠকখনত গ্ৰহণ কৰা হয় বহুকেইটা সিদ্ধান্ত। বুধবাৰ বৈঠকত প্ৰশাসনিক সংস্কাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হয় সিদ্ধান্তসমূহ। সংবাদমেল যোগে ঘোষণা কৰা কেবিনেটৰ মুখপাত্ৰ মন্ত্ৰী পিযুষ হাজৰিকাই।
কুশল কোঁৱৰ বৃদ্ধি পেঞ্চন আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ ফাইল পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগে বিত্ত বিভাগলৈ ফাইল নপঠিওৱাকৈ নিজ বিভাগৰ বিত্তীয় সচিবজনে স্বাক্ষৰ কৰি তেজাৰীলৈ পঠাব পাৰিব। দীনদয়াল দিব্যাংগ আঁচনি ধন সমাজ কল্যাণ বিভাগে বিত্তীয় বিভাগলৈ চিলিং নপঠিওৱা কৈ বিভাগৰ জ্যেষ্ঠ সচিবগৰাকীয়ে স্বাক্ষৰ কৰি তেজাৰীত জমা দিব পাৰিব।
প্ৰতি মাহৰ ১০ তাৰিখে ১৩ লাখ কুশল কোঁৱৰ বৃদ্ধি পেঞ্চন, ১ লাখ ৭০ হাজাৰ ইন্দিৰা মিৰি বিধৱা পেঞ্চন আৰু ১ লাখ ৬০ হাজাৰ দীনদয়াল দিব্যাংগ যোজনা শিতাধিকাৰীয়ে একাউণ্টত ধন লাভ কৰিব।
বিটিচি প্ৰশাসনিক সংস্কাৰৰ বাবে বৈঠকখনত গ্ৰহণ কৰা হয় সিদ্ধান্ত । বৰ্তমান বিটিচি বিভাগতো ডব্লিউ পি.টি.বি.চি অধীনত আছিল কিন্তু এতিয়া পৰা বড়োলেণ্ড ৱেলফেৱাৰ বিভাগ নামেৰে সুকীয়া বিভাগ হ’ব।
বড়োলেণ্ড প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয় স্থাপন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ বিষয়া-কৰ্ম চাৰিসকলক তাতে প্ৰশিক্ষণ দিব পৰা যাব।
গাৰ্জেন মন্ত্ৰীসকল প্ৰশাসনিক দিশটো গাৰ্জেন কিন্তু জনতাৰ গাৰ্জেন।
কেবিনেটত গাৰ্জেন মন্ত্ৰীসকলৰ জিলাসমূহ ভাগ কৰি দিয়া হয়- বঙাইগাঁও, ধুবুৰী আৰু বৰপেটা গাৰ্জেন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক নিযুক্তি। মন্ত্ৰী অতুল বৰা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। উই.জি ব্ৰহ্ম বাক্সা আৰু চিৰাং জিলাৰ। চন্দ্ৰমোহন পাটোৱাৰী দৰং, কামৰূপ আৰু কামৰূপ(ম) জিলা। পৰিমল শুক্ল বৈদ্য কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাই জিলা। কেশৱ মহন্ত গোলাঘাট আৰু মৰিগাঁও জিলা। ৰনোজ পেগু যোৰহাট আৰু শিৱসাগৰ জিলা। অশোক সিংহাল কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলা। যোগেন মহন দক্ষিণ কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা। সঞ্জয় কৃষাণ ধেমাজি আৰু উত্তৰ-লখিমপুৰৰ। অজন্তা নেওগ নলবাৰী, গোৱালপাৰা, দক্ষিণ শালমৰা জিলা। পিযুছ হাজৰিকা নগাঁও শোণিতপুৰ, বিশ্বনাথজিলা। বিমল বৰা মাজুলী, চৰাইদেউ আৰু বজালী জিলা দায়িত্ব অৰ্পণ।
উল্লেখ প্ৰতিখন জিলাত গাৰ্জেন বিভাগৰ এগৰাকী সচিব থাকিব। গাৰ্জেন মন্ত্ৰী আৰু সচিবজনে জিলাখনৰ উন্নয়নৰ কাম তদাৰক আৰু নিৰীক্ষণ কৰিব লাগিব।
মাহত কমেও এবাৰ জিলা ভ্ৰমণ কৰিব লাগিব। জৰুৰীকালীন সময়ত অতিৰিক্তভাৱে যাব লাগিব। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অতিৰিক্তভাৱে মন্ত্ৰীগৰাকী যাব। প্ৰতিবাৰ জিলা এটা চক্ৰ বিষয়া কাৰ্যালয় পৰিদৰ্শন কৰিব লাগিব। জিলাখনত চলি থকা চৰকাৰীৰ সকলো আঁচনি নিৰীক্ষণ কৰিব লাগিব।লগতে চলি থকা কামৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগিব। বিশেষকৈ বাজেট প্ৰস্তুতৰ সময়ত দায়িত্বত থকা জিলাসমূহৰ পৰামৰ্শ প্ৰদান কৰিব মন্ত্ৰীসকলে।
আনহাতে, কেবিনেট আৰম্ভণিতে গোঁসাইগাঁও সমষ্টিৰ বিপিএফৰ বিধায়ক গজেন্দ্র নাৰ্জাৰী মৃত্যুত শোক প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পৰিমল শুক্ল বৈদ্যক, ইউ.জি ব্ৰহ্মক মৃত নাৰ্জাৰী ঘৰত গৈ অসম চৰকাৰৰ হৈ পৰিয়ালক সমবেদনা জনাবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মৃত বিধায়কগৰাকীৰ শেষকৃত চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰাৰ কথা ঘোষণা কৰে।













