স্বাস্থ্য প্ৰতিবেদন:
সমগ্ৰ বছৰ ধৰি পোৱা গ’লেও আমাৰ অধিকাংশই কেপচিকামক যেনেদৰে দিব লাগে তেনেদৰে গুৰুত্ব নিদিওঁ। কাৰণ ইয়াৰ সোৱাদ বহুতৰেই পছন্দ নহয়। কিন্তু ইয়াৰ পুষ্টিগুণ জানিলে প্রতিদিনে কেপচিকাম খাবলৈ সকলোৱে বাধ্য হ’ব।
এই সন্দৰ্ভত পুষ্টিবিদসকলে জনাইছে, সেউজীয়া কেপচিকাম প্রায়েই বজাৰত পোৱা যায় যদিও ৰঙা বা হালধিয়া কেপচিকাম তেনেদৰে পোৱা নাযায়। আজিকালিৰ এই ব্যস্ততাৰ যুগত যিবোৰ পাচলি এজন মানুহে প্রতিদিনে খোৱা উচিত, কেপচিকাম তাৰ ভিতৰতঅন্যতম।১. কেপচিকামত প্রচুৰ ভিটামিন চি আছে। ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ নিয়মিত খালে ই ইমিউনিটি বঢ়োৱাত সহায় কৰিব।
২. ইয়াত আছে ভিটামিন এ। চকুৰ বিভিন্ন ধৰণৰ সমস্যাত যিসকল ভুগিছে, তেওঁলোকে কেপচিকাম খোৱা উচিত।
৩. কেপছাইছিনছ নামৰ এটি উপাদান ইয়াত আছে। যি কেন্সাৰ প্রতিৰোধত সহায় কৰে।
৪. কোলেষ্টৰল কম থাকে। ফলত ইয়াক খালেও ওজন বৃদ্ধি হোৱাৰ মুঠেও চিন্তা নাথাকে।
৫. মাইগ্রেনৰ ঔষধ বুলি কোৱা হয় কেপচিকামক। ৰঙা বা সেউজীয়া, যিকোনো কেপচিকামেই শৰীৰত আৰু মস্তিষ্কত ৰক্ত সঞ্চালন বঢ়ায়। ফলত মূৰৰ বিষ, মাইগ্রেন এইবোৰ সমস্যাৰ সমাধানত কার্যকৰী কেপচিকাম।