নিউজ ডেস্কঃ
আইপিএলৰ বাকী অংশ আয়োজনৰ বাবে উঠি-পৰি লাগিছে ভাৰতীয় ক্রিকেট বোর্ড। অহা ছেপ্টেম্বৰ-অক্টোবৰতেই সংযুক্ত আৰব ৰাষ্ট্রত স্থগিত হোৱা আইপিএলৰ বাকী মেচবোৰ আয়োজনৰ সকলো চেষ্টা চলাইছে বিচিচিআইয়ে।
কৰোনাৰ কাৰণে স্থগিত হোৱা আইপিএল পুনৰায় আৰম্ভ হ’ব অহা ১৯ ছেপ্টেম্বৰৰ পৰা। ফাইনেল অনুষ্ঠিত হ’ব ১৫ অক্টোবৰত। সংবাদ সংস্থা এএনআইক এই কথা জনাইছে বোর্ডৰ এগৰাকী কর্মকর্তাই। বিচিচিআই আৰু এমিৰেটছ ক্রিকেট বোর্ডৰ মাজত ডুবাই, শ্বাৰজাহ আৰু আবুধাবিত আইপিএলৰ মেচসমূহ আয়োজন কৰা সন্দৰ্ভত ইতিবাচক আলোচনা হোৱা বুলি জানিব পৰা গৈছে।