![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসমত পুনৰ দুখন অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। ৰাইমনা আৰু দিহিং পাটকাইক নতুনকৈ ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছে। অভয়াৰণ্য দুখনৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ। আজি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই ঘোষণা কৰে। উল্লেখ্য, এই ঘোষণাৰ পিছত বৰ্তমান ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা সাতখনলৈ বৃদ্ধি পালে।













