![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নগাঁও আৰু কাছাৰ কাগজকল নিলামৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ। কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ ৰাজহুৱা উদ্যোগ ধ্বংস তথা ব্যক্তিগত পুঁজিপতিক বিক্ৰী কৰা নীতিৰ বিৰুদ্ধে নগাঁও হিন্দুস্তান কাগজ কলৰ প্ৰৱেশদ্বাৰত সংবাদমেল সম্বোধন এজেপি।
দেশত বিজেপি চৰকাৰ গঠনৰ পিছতে কোনো লিখিত জাননী অবিহনেই বন্ধ কৰা হ’ল কাছাৰ আৰু নগাঁও কাগজকল। বন্ধ কৰা দিনা ৮৮৩ মেট্ৰিকটনকৈ উৎপাদন কৰি আছিল কাছাৰ কাগজকলে। সংসদৰ সিদ্ধান্ত লৈ প্ৰতিষ্ঠা হোৱা দুটাকৈ ৰাজহুৱা প্ৰতিষ্ঠান লিখিত জাননী তথা কাৰণ নোহোৱাকৈ বন্ধ কৰাটো কিমান যুক্তিসংগত-সংবাদমেলত এজেপি সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়। দেশৰ মুঠ বাঁহৰ ১৬ শতাংশ বাঁহ অসমত উৎপাদন হয়। তাৰ পিছতো উদ্যোগ দুটা বন্ধ কৰাৰ আঁৰত প্ৰধানমন্ত্ৰীৰ আৰু ৰাজ্য চৰকাৰৰ পুঁজিপতিলৈ দৰদ নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে।
খিলঞ্জীয়া ৰাইজে নিজৰ মাটি দান কৰি ৰাজহুৱা উদ্যোগ দুটা স্থাপন কৰিছিল বুলি উল্লেখ কৰি গগৈয়ে কয়- ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় সিদ্ধান্তত কূটকৌশল কৰি বিজেপি বহুজাতিক কোম্পানীৰ ওচৰত আঁঠু লৈছে।
কাগজকল দুটা প্ৰায় ৪ হাজাৰ বিঘা মাটি ৰাজ্য চৰকাৰখনৰ অধীনত আছে। নীলাম কৰিবলৈ ৰাজ্য চৰকাৰৰ অনুমতি লাগিব। প্ৰশ্ন হ’ল ৰাজ্য চৰকাৰে কলদুটা ভূমিখিনি বিক্ৰী অনুমতি কেন্দ্ৰক কেতিয়া কোনখন কেবিনেটত সিদ্ধান্ত জৰিয়তে প্ৰদান কৰিলে অসমবাসীক অৱগত কৰাৰো দাবী জনায় সভাপতিগৰাকীয়ে।
বিজেপিয়ে নির্বাচনী ইস্তাহাৰত দিয়া কলদুটা পুনৰুজ্জীৱিত প্ৰতিশ্ৰুতি পূৰণ কৰা দাবী জনায় গগৈয়ে কয়- বিজেপি নির্বাচনীৰ প্ৰতিশ্ৰুতি ভুৱা আছিল নেকি ! ৫৫ মাহে দৰমহা বন্ধ হৈ থকা কৰ্মচাৰী দৰমহা প্ৰদান কৰি উদ্যোগ দুটা কাৰ্যক্ষম কৰি তুলিব লাগে।
ইফালে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ উদ্যোগ দুটা ৰাজ্য চৰকাৰে চেয়াৰ ক্ৰয় কৰি নিজৰ অধিনলৈ আনিব লাগে বুলিও তেওঁ লগতে কয়।
কল দুটা নিলাম বিৰোধিতাৰে ১ সপ্তাহ যোৰা স্বাক্ষৰ অভিযান কাৰ্যসূচী আৰম্ভ কৰিব এজেপিয়ে। অসমবাসী পৰা ১০লাখ স্বাক্ষৰ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰিব বুলি গগৈয়ে কয়। লগতে অনলাইন প্ৰক্ৰিয়াৰেও প্ৰধানমন্ত্ৰীগৰাকীক সিদ্ধান্ত বাতিলৰ দাবী জনাব বুলি তেওঁ কয়।













