![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম আৰক্ষীক নতুন ৰূপত গঢ়ি তোলাৰ প্ৰয়াস মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। বুধবাৰে ৰাজ্য আৰক্ষীৰ অধীক্ষক, আইজিপি, ডিআইজি তথা আৰক্ষীৰ সঞ্চালন প্ৰধানৰ প্ৰমুখ্যে আৰক্ষীৰ শীর্ষ নেতৃত্বৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে । কাজিৰঙাৰ বিলাসী ৰিজৰ্টত অনুষ্ঠিত বৈঠকখনত অসম আৰক্ষীক ব্যাপক সংস্কাৰৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও ৰাজ্যৰ পাঁচ গৰাকীকৈ কেবিনেট মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল বৈঠকত।
উল্লেখ বৈঠকৰ অন্তত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়- অসম আৰক্ষীক আধুনিকীকৰণ কিদৰে কৰিব লাগিব সকলোবোৰ দিশ সামৰি আলোচনা হয় বৈঠকত। বেটেলিয়ন বাহিনীত সংস্কাৰ হ’ব। ১০টা কামাণ্ডো বেটেলিয়ন গঢ়ি তোলা হ’ব। অসমৰ বিভিন্ন জিলাৰ স্পৰ্শকাতৰ স্থানত গঢ়ি হ’ব নতুন কামাণ্ডো বাহিনী। এই কথা অৱগত কৰে মহন্তই।
ভৌগোলিক অখণ্ডতা তথা ভাৰতৰ বিৰুদ্ধে অহা যি কোনো ভাবুকিক প্ৰতিহত কৰিব পৰাকে শক্তিশালী কামাণ্ডো বাহিনী গঠন কৰা হ’ব বুলি উল্লেখ কৰি মহন্তই কয়- নিযুক্তিৰ প্ৰক্ৰিয়াৰো সলনি হ’ব আৰক্ষীত। কামাণ্ডো বাহিনী কাৰণে শিক্ষাগত অৰ্হতাতকৈ গুৰুত্ব দিয়া হ’ব সু-স্বাস্থ্যৱানৰ ওপৰত। একেদৰে উপ-আৰক্ষী পৰিদৰ্শকৰ বাবে মেধাৱি, কম্পিউটাৰ দিশটোত পাৰদৰ্শিতা থকাটো গুৰুত্বপূৰ্ণ। কামাণ্ডো বেটেলিয়নৰ বাবে ১২ হাজাৰ নিযুক্তি দিব লাগিব।
অসম আৰক্ষীৰ কষ্ট হ্ৰাস কৰাৰ বাবে বৰ্তমান ২৪ ঘণ্টা ডিউটিৰ দুটা শ্বিফ্টতত বিভক্ত কৰা হ’ব। দুটা শ্বিফ্টত ভাগ হ’ব থানাৰ ডিউটি, তাৰ বাবে ২৩ হাজাৰ চিভিল পুলিচ নিযুক্তি দিব লাগিব। উল্লেখ যে, বৰ্তমান অসমত ১ লাখ লোকৰ বিপৰীতে ৭২জন আৰক্ষী। যিটো এটা সমগ্ৰ দেশৰ ভিতৰতে এক দুখলগা অৱস্থা- মহন্তই কয়।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আৰক্ষীৰ কল্যাণৰ ওপৰতো বৈঠকখনত আলোচনা কৰে। সেই অনুসৰি প্ৰতিজন বেটেলিয়নৰ চিপাহীয়ে বাধ্যতামূলকভাৱে ১ মাহৰ চুটি লাভ কৰিব। নিজৰ ঘৰখন সুস্থ থাকিলে কৰ্মস্পৃহা বৃদ্ধি হ’ব আৰক্ষীৰ।
ইয়াৰ উপৰিও চিপাহীৰ কল্যাণৰ বাবে অন্য সকলো কাম আৰক্ষী অধীক্ষকসকলক সম্পূৰ্ণ কৰা নিৰ্দেশ দিয়া বুলি মহন্তই কয়।
তাপৰ্যপূৰ্ণভাৱে মহন্তই কয়- অসম আৰক্ষীত এনেদৰে এটা সম্পূৰ্ণ দিন বৈঠক অসমৰ ইতিহাসত প্ৰথমবাৰ বাবে হৈছে।













