ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৫৮০৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৭৫১ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৪৩০জন কামৰূপ মেট্ৰ’ৰ, ৩৬৬জন কাছাৰৰ, ২৩১জন শোণিতপুৰৰ আৰু ২২২জন ডিব্ৰুগড়ৰ।বুধবাৰৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৩.২৪ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৫৫ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৩৫৫ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৭.৯৯ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪৪৬৪৪৫জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৪৮৪৯৯ জন ৰোগী।
Summary of 09/6/2021
Today’s Total 3751
Overall Positivity Percentage (3751 cases out of 1,15,806 test done = 3.24%)
Kamrup(M) 430
Death 55
Recovery Rate 87.99%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 9, 2021