ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যৰ অনাথ শিশু বাবে মুখ্যমন্ত্ৰী শিশু সেৱাৰ আঁচনিৰ শুভাৰম্ভণি। খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আঁচনি শুভ উদঘাটন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পিতৃ-মাতৃ নথকা অনাথ শিশু, আত্মীয় ঘৰত থাকি ডাঙৰ-দীঘল হোৱা শিশুসকলক সামৰি লৈছে উক্ত আঁচনিত।
ঘোষণা ১০ দিনৰ ভিতৰত কাৰ্যকৰী কৰা আঁচনিখনে অনাথ শিশুক ২৪ বছৰ বয়সলৈ মাহে ৩৫০০ টকাকৈ আগবঢ়াব। ইয়াৰ উপৰিও প্ৰতিজন শিশুৰ বাবে ৭ লাখ ৮১ হাজাৰ ২০০ টকা ফিক্স ডিপজিত কৰিব ৰাজ্য চৰকাৰে। উক্ত ধনৰাখি ২৪ বছৰৰ বয়সত শিশুগৰাকীৰ একাউণ্টত জমা হ’ব। এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।
উল্লেখ আঁচনি উদঘাটৰ দিনটোত ১১ গৰাকীৰ অনাথ শিশুক আঁচনি ধন প্ৰদান কৰা হয়। আঁচনিত শিশুৰ বাবে আছে এটা লেপটপ।
গুৰুত্বপূৰ্ণ কথা আত্মীয়ৰ ঘৰত নথকা শিশুসকলক আঁচনিৰ অনুসৰি বৰ্ডিং স্কুলত পঢ়োৱা ব্যৱস্থা কৰিব চৰকাৰে। আঁচনিৰ সমষ্টি ব্যয় মুখ্যমন্ত্ৰী সাহায্য পুঁজি পৰা ব্যয় কৰা হ’ব বুলি জানিব দিয়ে ডঃ শৰ্মাই।