ষ্টাফ ৰিপ’ৰ্টাৰ
নির্বাচনৰ ফলাফল ঘোষণা হোৱা পিছত নতুন চৰকাৰৰ দায়িত্ব লোৱা এমাহ সম্পূৰ্ণ হ’ল। কিন্তু প্ৰদেশ কংগ্ৰেছত নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ কমা নাই দলতোৰ একাংশ নেতা কর্মী বিধায়কৰ। অভিযোগ উঠিছে দলটোৰ নেতৃত্বৰ ভুলৰ বাবে যোৱা নির্বাচনত পৰাজিত হ’ল কংগ্ৰেছ। এআইইউডিএফৰে দলটোৰ মিত্ৰৰ বিৰোধিতা কৰাৰ পিছতো ৰিপুন বৰাই নিজৰ ইচ্ছা অনুসৰি মিত্ৰতা কৰা বুলি মৰিয়নি দলৰ ৪বাৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে কয়।
“কংগ্ৰেছ-এআইইউডিএফৰ লগত মিত্ৰতা আল্লাহ- ঈশ্বৰেও বিচৰা নাছিল। মহাজোট বন্ধনৰ কথা কৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই উজনি-মধ্য- নামনি অসমৰ ৰাইজে কি বিচাৰে তাক জানিবলৈ নিবিচৰা বাবে তেওঁ বিফল হৈছে- প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলিছে বিধায়ক কুৰ্মীয়ে।
‘ৰাইজৰ মনৰ কথা বুজিবলৈ যত্ন নকৰা বাবে নিজৰ সমষ্টিত হাৰি কংগ্ৰেছ দলক হৰুৱালে ৰিপুন বৰাই। ২৯খন আসনত থমকি ৰব লগা হ’ল কংগ্ৰেছ দল’- কুৰ্মীয়ে কয়।